বুঃ—কিন্তু কোনে সিহঁতক বগৰাই ফুৰায়? নিশ্চয় জ্যুচ্ দেৱতাই?
চঃ—নহয়, জ্যুচে নহয়, ঘূৰ্ণীপাকে।
বুঃ—বুজিলো, জ্যুচৰ ঠাইত ঘূৰ্ণীপাকহে ৰজা।
চঃ—তেনেহ'লে আমাৰ উপাস্য ডাৱৰ, ঘূৰ্ণীপাক আৰু জিভা। এই তিনিটাত বাজে আন দেৱতা নামান?
বুঃ—মানিমনে? লগ পালেও সিহঁতৰ লগত কথাকেই নকওঁ। ডাৱৰে মাত লগাই সুধিলে— তোক কি লাগে, ভাঙি ক।
বুঃ—মই গ্ৰীচ দেশৰ ভিতৰতেই কথা-চহকী হ’ব খোজো।
ডাঃ—সেইটো হবি। কাউঞ্চিলত তোতকৈ কোনেও বেছি প্ৰস্তাৱ সৰকাই নিব নোৱাৰিব।
বুঃ—মই কাউঞ্চিলৰ প্ৰস্তাৱ কুটা যেন দেখো। ধৰুৱাৰ আঙুলিৰ ফুটাৰে সৰকিব খোজো।
ডাঃ—সেইটো তুচ্ছ কথা। আমাৰ ভক্তসকলক হিছাপটো বুজাই দে একা ভয় নাই।
বুঃ—তোমালোকৰ কথা মানি ল’লো। এফালে ধৰুৱাৰ টাঙোন, আনফালে ফোপাহী তিৰোতাৰ ধূনপেঁচ—গত্যন্তৰ নাই। ভোক, পিয়াহ, জাৰ, ক্লেশ সকলো স’ব পাৰো কেৱল পোন কথা বেঁকা কৰিবৰ ক্ষমতা দিয়া।
ডাঃ—মানুহজনৰ পিত আছে। বাৰু, আমাৰ পৰা যদি শিকনি লৱ, তোৰ দুৱাৰ-ডলিৰ পৰা মক্কেল নুঠিবই। চক্ৰেটিছ, ইয়াক লৈ গৈ এতিয়া বুজ দিয়া।
চক্ৰেটিছে বুঢ়াক ভিতৰলৈ লৈ গৈ ব্যাকৰণৰ আৰু ছন্দ শাস্ত্ৰৰ গুৰিৰ কথা কিছুমান বুজালে। কিন্তু, বুঢ়াৰ মগজু ইমান গোটমৰা, তাক একোৱে বিন্ধিব নোৱাৰিলে। চক্ৰেটিছে ঘোৰ বিৰক্তিৰে ওলাই আহি বুঢ়াৰ বিষয়ে আপত্তি কৰিলে। শেষ পৰীক্ষা স্বৰূপে বুঢ়াক খাট এখনত শুৱাই, কামলি এখনেৰে গা-মূৰ বতাহ সোমাব নোৱৰাকৈ মেৰাই পেলাই ক’লে, “যদি কোনোবা কথাৰ উৱাদিহ নাপাৱ