পৃষ্ঠা:পখিলা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ডাৱৰ


বিদ্যা শিকিব। বুঢ়া বয়সত তৰ্কৰ কূটবোৰ ধৰিব নোৱাৰিব বুলি সংশয় হৈছিল যদিও সাহসত ভৰ দি গৱেষণা ঘৰৰ ফালে খোজ ল’লে। দুৱাৰত গৈ খুন্দিয়ালে। চেলা এজন ওলাই আহি ডাঙৰকৈ শব্দ কৰা বুলি বুঢ়াক ভৎৰ্সনা কৰিলে আৰু সুধিলে, “তই কোন? দুৱাৰত খুন্দিয়াই বহুত ভাৱৰ সূতা ছিঙিলি।”

 ষ্ট্ৰেপঃ—ক্ষমা কৰিব। দূৰ গাঁৱৰপৰা আহিছো। কি হানি কৰিলো কোৱাচোন।

 চেলা—সেইবোৰ কথা শৰণীয়াৰ আগতহে ক’ব পাৰি।

 বুঢ়া—ময়ো শৰণীয়া, চেলা হ’বলৈহে আহিছো।

 চেলা—শুন তেনেহ’লে, কিন্তু মনত ৰাখিবি “কথা ইটো পৰম গুপুত।” সিদিনাখন চক্ৰেটিছে কেৰেফনক সুধিলে, মাখি এটিয়ে এজাঁপতে ইয়াৰ নিজৰ ভৰিৰ কেইগুণ যাব পাৰে? মাখি এটিয়ে কেৰেফনৰ চেলাউৰিৰপৰ৷ জঁপিয়াই গৈ চক্ৰেটিছৰ মূৰত পৰিছিলগৈ।

 বুঢ়া—কেনেকৈ জুখিলে?

 চেলা– বৰ সূক্ষ্ম প্ৰণালীৰে। তেওঁ মোম এডোখৰ গলাই লৈ মাখিটোৰ ভৰিকেইখন তাত জুবুৰিয়ালে। মোম শুকালত তাৰে জুখিলে।

 বুঢ়া—কি ৰহইচ! মোক অনুসন্ধান সমিতিত দিয়া। চক্ৰেটিছক চাবলৈ মনটোৱে খোঁচা-বিন্ধা কৰিব লাগিছে।

 দুৱাৰ মেল খালে। গৱেষণা-মগ্ন চেলাবোৰে নানান অঙ্গী-ভঙ্গী কৰি থকা দেখি সেই বুঢ়াই বিচুৰ্তি খাই সুধিলে—“এইবোৰ কি জানোৱাৰ? ইহঁতে তিনিমূৰীয়া বুঢ়াৰ দৰে তলমূৰে মাটিৰ ফালে চাই আছে কিয়?”

 চেলা—ইহঁতে মাটিৰ তলত থকা শিলগুটি হিলৈগুটি আদিৰ অনুসন্ধান কৰিছে।

 বুঢ়া—শেলুক বিচাৰিছে। ইয়াত ক’ত পাব! মই ক’ব পাৰো ক’ত বেছিকৈ পোৱা যায় — খাৰঘূলিতহে। এইবোৰ একা! চিত হৈ