পুঃ—হয়, কি হ’ল?
বাঃ—সেইটো জ্ঞানীসকলৰ “অনুসন্ধান সমিতি।” তাত থকা মানুহবোৰে প্ৰমাণ কৰিব পাৰে আকাশখন হেনো এটি আখা আৰু আমি জুইৰ আঙঠা সিহঁতক পইছা দিলে ভাল-বেয়া সকলো শিকাব।
পুঃ—ভাল, সিহঁতনো কোন?
বাঃ—সেইটো নাজানো। সিহঁত বৰ চোকা মানুহ।
পুঃ—অ’ মনত পৰিছে। টেঙৰ মগনীয়াৰহঁত! আপুনি সেই শেতামুখ, ছালছিগা, কেলেহুৱা চক্ৰেটিছ, কেৰেফন আৰু সিহঁতৰ পিছে পিছে ফুৰা৷ ভিকহুমখাৰ কথা কৈছে?
বাঃ—নাপায়, নাপায়, তেনে আহুকলীয়া কথা ক’ব নাপায়। তই যদি বাপেৰক ভাল পাৱ সিহঁতৰ তাত শিকাগৈ আৰু ঘোঁৰা চেকুৰা এৰি দে।
পুঃ—সিহঁতৰ তালৈ যাম? সুৰাপতিৰ শপথ, মই যদি যাওঁ।
বাঃ—সোণামুৱা মোৰ, কাবৌ কৰিছো, গৱেষণা-ঘৰত শিকগৈ।
পুঃ—কি শিকিম?
বাঃ—মানুহে কয়—সিহঁতৰ পোন, বেঁকা দুই ধৰণৰ তৰ্কবিদ্যা আছে। যিজনে বেঁকা বিদ্যা শিকে তাৰ কোনো ঠাইতেই ভঙ্গ নহয়। এই বিদ্যাটো শিকগৈ। তেনেহ'লে তোৰ বাবে ধাৰ কৰা টকাৰ বাবে কাকো এটি ফুটা কড়িও মই দিব নালাগিব।
পুঃ—সেইটো ভাবিবই নোৱাৰো। সেই খাব নোপোৱা শেতামুখা বহুৱাহঁতৰ তাত শিকিমগৈনে?
বাঃ—যদি কথা নুশুন, আজিৰপৰা এমুঠি চাউলো খাব নোৱাৰ। টোপোলা-টুপলি লৈ এতিয়াই ওলা।
পুঃ-–অকণো বেজাৰ নাই। মোৰ মোমাইহঁত ডাঙৰ মানুহ, তেওঁলোকে মোক ঘোঁৰাৰ যোগাৰ দিব।
বুঢ়াই পুতেকৰ লগত নোৱাৰিলে। কিন্তু বুঢ়া ভঙ্গ খাবৰ মানুহ নহয়, পুতেকে নিশিকিলে যদি নিজেই গৈ এই নতুন বেঁকা