পৃষ্ঠা:পখিলা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
পখিলা


 এথেন্স নগৰত ষ্ট্ৰেপ্চিয়াডিছ নামে এজন নাগৰিক আছিল। তেওঁৰ আগেয়ে মাটি-বাৰী, ধন-বিত আছিল। কিন্তু, ধন ভগনীয়া ল’ৰাৰ বিলাসিতা গুণত এতিয়া ঋণত পৰি তেওঁৰ দুৰ্দশা শেষ সীমাত পৰিছেগৈ। এদিন ৰাতি বিছনাত পৰি ধাৰৰ কথা ভাবি ছটফটাই আছে। “ৰাতি নো আজি নুপুৱাবনে? কুকুৰাৰ মাত শুনিছো যেন লাগিছে। ৰন্ধা-চাকৰ আটায়ে ফোঁচফোঁচাই শুই আছে। যেনেহে দিন-কাল পৰিছে সিহঁতকো মাতিবৰ সাধ্য নাই। সৌৱা মোৰ কুল তিলক, কোনো ভাবনাই তাৰ টোপনি ক্ষতি কৰিব নোৱাৰে। ধাৰৰ জালত মোৰ চকু জাপেই নাযায়। নন্দনৰ ধুনপেচ, ঘোঁৰাখেল, ৰথ-খেল আদিৰ খৰচেই মোক তললৈ নিলে।” মেলা চকু জপাবলৈ আকৌ এবাৰ মিছা চেষ্টা কৰি বুঢ়াই চাকি এটি দিবলৈ বন্ধা এটিক মাতি আঙুলিৰ মূৰত ধাৰ লেখিবলৈ ধৰিলে। “অমুকাক দিব লাগে পাঁচ শ ৰূপ। তাৰপৰা নো কেতিয়া পাঁচ শ ৰূপ লৈছিলো? অ’ মনত পৰিছে, সৌ কজলা ঘোঁৰাটো কিনিবলৈ! ঘোঁৰাই হয়! ঘোঁৰাই মোৰ মূৰটো আচন্দ্ৰাইকৈ ঘূৰাই লৈ ফুৰাব লাগিছে।” এনেতে ঘোৰ টোপনিতেই ফিডিপিডিছ বোলা বুঢ়াৰ ল’ৰাই মাত দি উঠিছে, “হেৰ ফিলো, সেইটো অন্যায়, নিজৰ চাকেৰে ঘোঁৰা চলাবি।” “এয়েই মোক তললৈ নিলে” বুঢ়াই ভাবিছে, “সপোনতো ই ঘোঁৰা লৰাইছে।” ফিডিপিডিছ (টোপনিত):—ৰথবোৰ কেইবাৰ ঘূৰিছে?

 ষ্ট্ৰেপ্চিয়াডিছ—বাপেকৰ নাকত জৰি লগাই বহুবাৰ ঘূৰাইছে। বাৰু লেখোচোন আকৌ কাক দিব লাগে? দেৰ শ ৰূপ তমুকাক দিব লাগে। কেলেই? দুটি চকা আৰু ৰথৰ জকাটোৰ বাবে। পুতেক (টোপনিত)—ঘোঁৰা পোৱালিটিক এবাৰ বালিত বগৰাই ঘৰলৈ লৈ যা।

 বাপেক—হেৰ খেকাৰ খোৱা, তই মোক ঘৰৰপৰা বগৰাই উলিয়াই দিলি।

 পুঃ—(সাৰ পাই) পিতাদেও আপোনাৰ হৈছে কি, ওৰে ৰাতি এইদৰে ছটফটাই আছে কিয়?