পৃষ্ঠা:পখিলা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ডাৱৰ


এইসকলৰ ভিতৰত ইউৰোপৰ অদ্বিতীয় দাৰ্শনিক পণ্ডিত প্লেটোই প্ৰধান।

 পুৰণি পন্থী এথেন্সবাসীসকলৰ মানত ছোফিষ্ট আৰু জ্ঞানী চক্ৰেটিছৰ ভিতৰত কোনো প্ৰভেদ নাছিল। তেওঁলোকৰ ভিতৰত যি প্ৰভেদ, সি ইমান সূক্ষ্ম যে সাধাৰণৰ মনত সি ধৰা নপৰিছিল! আৰু পৰিলেও ছোফিষ্ট আৰু চক্ৰেটিছ দুয়ো দুই ফালৰপৰা পুৰণি মতৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছিল।

 তাত বাজেও ছোফিষ্ট পণ্ডিতসকলে দৰমহা লৈ ডাঙৰ মানুহৰ ঘৰত ঘৰুৱা শিক্ষকতা কৰিছিল, সেই দেখি জনসাধাৰণৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ চমু বাটেৰে পৰা নাছিল। চক্ৰেটিছ সত্যব্ৰতী, তেওঁ ধনৰ লোভত সত্যৰ সন্ধানত ফুৰা নাছিল। তেওঁৰ বিচাৰৰ ঠায়ো হাট-বাট আদি। ভব্য-গব্য নাগৰিকসকলৰ তৰ্কত ভঙ্গ চাবলৈ ল’ৰাবোৰেও তেওঁৰ লগ নেৰে। চক্ৰেটিছৰ তৰ্ক-প্ৰণালীৰ কোবত পুৰণি মতবাদী নাগৰিকসকল অতিষ্ঠ হৈ উঠিল আৰু তেওঁৰ লগে লগে ফুৰা ল’ৰাসকলক লক্ষ্য কৰি ক’ব ধৰিলে যে চক্ৰেটিছে ডেকা সম্প্ৰদায়ক ভ্ৰষ্টাচাৰত প্ৰবৰ্তন কৰাইছে।

 এই সন্ধিক্ষণত পুৰণি মতৰ সমৰ্থক স্বৰূপে প্ৰতিভাশালী ব্যঙ্গ নাট্যকাৰ এৰিষ্টোফেনিছৰ অভ্যুদয় হয়। সমালোচকসকলৰ মতে তেওঁ জগতৰ অদ্বিতীয় ‘কমেডিয়ান’ বা হাস্যৰসাত্মক নাট্যকাৰ। এওঁৰ ব্যঙ্গৰ চোকা বাণে এথেন্সৰ নাগৰিক জীৱনৰ কোনো বিভাগতেই খোঁচ নমৰাকৈ থকা নাই।

 ব্যঙ্গৰসৰ ঢল-পানীৰে এথেন্সৰ মানসিক জীৱনৰপৰা ছোফিষ্ট-চক্ৰেটিছৰ তৰ্কৰ মলি ধুই পেলাবৰ মনেৰে খৃঃ পূঃ ৪২৩ শকত এথেন্স নগৰৰ প্ৰধান ৰঙ্গমঞ্চত তেওঁ “ডাৱৰ” নামে ব্যঙ্গাত্মক নাট এখন থিয় কৰে। এই নাটত চক্ৰেটিছক ছোফিষ্ট সম্প্ৰদায়ৰ নেতা বুলি ধৰি লৈ সেই সম্প্ৰদায়ক লক্ষ্য কৰি তেওঁৰ প্ৰতি ঠাট্টাৰ চোকা বাণ বৰ্ষা হৈছে। নাটকীয় কথা-বস্তুৰ চমু বিৱৰণ তলত দিয়া হ’ল।