পৃষ্ঠা:পখিলা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
পখিলা


পৰা বাগ্মিতাত বাজে সমাজ বা ধৰ্মনীতি ক্ষেত্ৰত কোনো মূল তত্ত্বৰ সন্ধান দিয়া তেওঁলোকৰ উদ্দেশ্য নাছিল। তেওঁলোকৰ শিকনিৰ ফলত তৰুণ জননায়কসকলে পুৰণি ৰীতি-নীতিত আস্থা হেৰুৱালেও সেইবোৰৰ ঠাইত কোনো বিশেষ ভাল ৰীতি-নীতিৰ উৱাদিহ পোৱা নাছিল। এনে সময়ত এথেন্স নগৰত জ্ঞানী চক্ৰেটীছৰ আবিৰ্ভাৱ হয়। তেওঁ এথেন্স নগৰৰেই অধিবাসী আছিল। পুৰণি পন্থীসকলৰ স্থুল বিশ্বাসত তেওঁৰ আস্থা নাছিল আৰু ছোফিষ্টৰ একেটি কথাকে দহ ফাল কৰি দেখুৱাব পৰা তৰ্ক বিদ্যাতো তেওঁৰ আস্থা নাছিল। পুৰণি বিশ্বাস ভুল হ’ব পাৰে, সম্ভৱ ভুলো, কিন্তু ভুল দেখুৱালেই আলোচনাৰ ওৰ নপৰে। মূল সত্য কি, তাৰ স্বৰূপ এনেকুৱা, ইটো সন্ধান কৰাকেই জ্ঞানী চক্ৰেটীছে জীৱনৰ মহাব্ৰত বুলি আঁকোৱালি ধৰিলে।

 এই ব্ৰতত ব্ৰতী হৈ জ্ঞানী চক্ৰেটীছে বাট-ঘাট, হাট-বজাৰ সকলো ঠাইতেই কবি, দাৰ্শনিক, ধাৰ্মিক, জননায়ক আদি পণ্ডিত বোলাওঁতা সকলোৰে সৈতে মূল সত্যৰ স্বৰূপ লৈ তৰ্ক কৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ মতে সত্যই জ্ঞান আৰু জ্ঞানেই ধৰ্ম। তেওঁৰ তৰ্ক-প্ৰণালীও এক অপূৰ্ব ধৰণৰ আছিল। তেওঁ প্ৰশ্ন কৰি গৈ থাকে আৰু প্ৰতিপক্ষই যি উত্তৰ দিয়ে সেই আটাইবোৰতেই হয়ভৰ দি গৈ থাকে। বছা বছা প্ৰশ্নৰ সহায়েৰে প্ৰতিপক্ষক এনেকৈ বুলাই লৈ গৈ থাকে যে নিজৰ অসঙ্গত কথাৰ জালত নিজে মেৰ খাই প্ৰতিপক্ষই নিজে শেহত ভেবাচেকা খাই পলাবলগীয়াত পৰে। এই তৰ্ক-প্ৰণালী এনে প্ৰসিদ্ধ হৈ পৰিছিল যে পিছৰ কালত ইয়াক চক্ৰেটিছ ব্যাজোক্তি ( Socratic Irony) বোলা হৈছিল। বাট-ঘাট, হাট-বজাৰ সকলো ঠাইতেই চক্ৰেটিছে এইদৰে পণ্ডিত বোলাওঁতাসকলক হাবাথুৰি খুৱাই ফুৰিছিল আৰু বিপক্ষৰ ভঙ্গ উপভোগ কৰিবলৈ তেওঁৰ পাছে পাছে বাটৰুৱা ল’ৰাবোৰে জুম বান্ধি ফুৰিছিল। তেওঁ কোনো সম্প্ৰদায় স্থাপন কৰা নাছিল কিন্তু, কেতবোৰ প্ৰতিভাশালী ডেকাই তেওঁৰ জ্ঞানবাদৰ মূল মত গ্ৰহণ কৰি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে।