খ্ৰীঃ পূঃ চতুৰ্থ শতিকাত পুৰণি গ্ৰীচৰ এথেন্স ৰাজ্যত স্থিতিশীল
আৰু গতিশীলসকলৰ ভাবৰ বৈষম্যৰ ফলত ভীষণ সামাজিক চাঞ্চল্যৰ
উদ্ভৱ হয়। আমাৰ ভাৰতবৰ্ষৰ দৰে, পুৰণি গ্ৰীচতো নানা দেৱ-দেৱতাৰ
পুজা-অৰ্চনা চলিছিল। সেইবোৰৰ উদ্দেশ্যে বহুদিনব্যাপী যাত্ৰা
ভাওনা আদিও ৰাজভঁৰালৰ উমৈহতীয়৷ ধন ভগন কৰি মহা
সমাৰোহেৰে পতা হৈছিল। কিন্তু, খ্ৰীঃ পুঃ চতুৰ্থ শতিকাত ‘ছোফিষ্ট’
(Sophist) বা জ্ঞানবাদী বুলি পণ্ডিত সম্প্ৰদায় এটাৰ আবিৰ্ভাৱ হ’ল।
তেওঁলোক প্ৰকৃতপক্ষে এথেন্সবাসী নহয়। তেওঁলোক বিদেশী আৰু
বেতনভোগী পণ্ডিত আছিল আৰু এথেন্স ৰাজ্যক তেওঁলোকৰ উপযুক্ত
ক্ষেত্ৰ ভাবি সেই ৰাজ্যত আহি বাহ লয়। ‘ছোফিষ্ট’সকল আমাৰ
দেশৰ নৈয়ায়িক পণ্ডিত শ্ৰেণীৰ আছিল। যুক্তি-তৰ্কৰ সহায়েৰে যিটো
কথা প্ৰতিপন্ন কৰিব নোৱাৰি, সেইটো তেওঁলোকে স্থূল বিশ্বাসেৰে
মানি লোৱাৰ বিৰুদ্ধে আছিল। তৰ্কবিদ্যাৰ লগত তেওঁলোকে অলঙ্কাৰ
শাস্ত্ৰৰো (Rhetoric) গভীৰ সমালোচনা কৰিছিল। সেই সময়ত
এথেন্স ৰাজ্যত অলঙ্কাৰ শাস্ত্ৰৰ বৰ সমাদৰ আছিল। ইয়াৰ শাসন
প্ৰণালী গণতন্ত্ৰ মতে চলিছিল। আৰু এনে শাসন প্ৰণালীত অলঙ্কাৰ
বিদ্যাত নিপুণতা নাথাকিলে জননায়কসকলে জনমতৰ ওপৰত আধিপত্য
কৰিব নোৱাৰে। পোহৰ ফঁহিওৱা কাচৰ দৰে অলঙ্কাৰ বিদ্যাৰ
সহায়েৰে একেটি কথাতেই নানান ৰঙৰ সমাবেশ দেখুৱাব পাৰি।
আৰু একেটি কথা বা মতকে, হয়ভৰ দি চিৰকাল সাবটি ধৰি
থাকিব লাগিলে কোনেও ৰাজনীতি ক্ষেত্ৰত জননায়কৰ পদত থাকিব
নোৱাৰে। এনে অৱস্থাত ৰাজনীতি ক্ষেত্ৰত ওখ আকাংক্ষা থকা
ডাঙৰ মানুহৰ ঘৰৰ ল’ৰাবোৰৰ নামত ছোফিষ্টসকল বৰ আদৰৰ
পাত্ৰ হৈ উঠিল আৰু ঘৰুৱা শিক্ষক হিছাপে তেওঁলোকৰ প্ৰতিপত্তি
সমাজত বিয়পি পৰিব ধৰিলে।
ছোফিষ্টসকল ব্যৱসায়ী পণ্ডিত আছিল। তৰ্ক আৰু অলঙ্কাৰ বিদ্যাৰ সহায়েৰে একেটি কথাকেই নানানভাৱে ফঁহিয়াই দেখুৱাব