পৃষ্ঠা:পখিলা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডাৱৰ

( গ্ৰীক নাটৰ সাধু)

 সমাজ আৰু প্ৰতিভাশালী লোকৰ ভিতৰত চিৰকলীয়া বিৰোধ। সমাজ স্বভাৱতে স্থিতিশীল আৰু প্ৰতিভা সৰ্বদায় গতিশীল, কিয়নো তত্ত্বান্বেষী ভৱিষ্যদ্দৰ্শী উঁই পৰুৱাই হাফলু বান্ধি বাহিৰৰ উপদ্ৰৱৰ হাত সাৰিবৰ মনেৰে বাহ সাজি থকাৰ দৰে, সামাজিক মানুহেও ভাবৰ হাফলু বান্ধি অচিনাকি ভাবৰপৰা তাত আশ্ৰয় লয়। বান্ধোন নহ’লে সামাজিক জীৱন অসম্ভৱ, সেই দেখি সকলো সামাজিক ভাৱেই মনৰ বান্ধোন স্বৰূপ। সেই বান্ধোনে এফালে যেনেকৈ সামাজিক সুখ-শান্তি দিয়ে আনফালে ই তেনেকৈ ব্যক্তিগত প্ৰতিভাৰ গতিশীলতা আৰু উদ্ভাৱনা শক্তিৰ বিৰুদ্ধে থিয় হয়। সেই কাৰণে স্বভাৱজাত পোহৰৰ গুণত প্ৰতিভাই যেতিয়া ভৱিষ্যতৰ বাতৰি আনি সমাজত সুমুৱায়, বা সমাজে নিজে গলত মেৰাই লোৱা বান্ধোন যে জাগতিক জীৱনৰ দীঘলীয়া বাটৰ জিৰণি ঠাইহে, গন্তব্যৰ শেহ সীমা নহয় বুলি প্ৰতিপাদন কৰিবৰ চেষ্টা কৰে, সমাজত তেতিয়া বিষম চাঞ্চল্য উপস্থিত হয়। সামাজিক ভাব বন্ধনস্বৰূপ হ’লেও মানুহে তাৰ চমু-বেঁকা সকলে৷ আলি-পদূলি চিনি পায়, কিন্তু প্ৰতিভাৰ নিৰ্দিষ্ট বাট সুগম নে দুৰ্গম তাক কোনেও নাজানে। থাউনি পানীৰপৰা কোনে নোজোখা পানীত খোজ দিব?

 সমাজত এই ভাবৰ বিৰোধ প্ৰতি নিমিষতেই চলি আছে। বহুৰূপীৰ দৰে ই কেতিয়াবা ৰাজনীতি, কেতিয়াবা সমাজনীতি, কেতিয়াবা ধৰ্মনীতি ক্ষেত্ৰত সময়তে ঠাট্টা-মস্কৰা, সময়তে গালি শপনি, সময়তে ঢাল-তৰোৱাল আদি নানাৰূপে স্বৰূপ প্ৰকাশ কৰে। সকলো দেশৰ বুৰঞ্জী কেৱল এই দুই ভাবৰ সংঘৰ্ষৰ বিৱৰণ মাথোন।