পৃষ্ঠা:পখিলা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
মাছ অৱতাৰ


নাওখন শিঙত বন্ধা হ’ল। মাছে নাওখন ইফালে-সিফালে টানি লৈ সাঁতুৰি ফুৰিব ধৰিলে।

 প্ৰলয়ৰ বিৰাট মূৰ্তি দেখি ৰজাই আকৌ মাছ-দেৱতাক তুতি কৰিব ধৰিলে। সন্তুষ্ট হৈ মাছে ৰজাক সকলো জ্ঞান, বিজ্ঞান, প্ৰজ্ঞান আদিৰ গূঢ় তত্ত্ব শিকালে। ব্ৰহ্মাৰ টোপনি নাভাগিল কাৰণে মাছৰূপী বিষ্ণু দেৱতাই নাওখন টানি লৈ ফুৰিলে।

 ব্ৰহ্মাৰ টোপনি ভাগিল। নাৱত সাঁচি থোৱা গছ-গছনিৰ গুটি আৰু জীৱ-জন্তুৰ সঁচেৰে আকৌ ব্ৰহ্মাই সৃষ্টি ৰচনা কৰিলে। বিষ্ণুৱে হয়গ্ৰীৱ অসুৰক বধি বেদ চাৰিখন উদ্ধাৰ কৰিলে। বিষ্ণুৰ কৃপাত সত্যব্ৰত ৰজা এই বৰ্তমান যুগৰ বাবে বৈবম্বত মনু অৰ্থাৎ দুৱলীয়া সৃষ্টিকৰ্তা হৈ থাকিল।

 বেবিলন দেশৰ পুৰাণতো এই প্ৰলয়ৰ কথা আছে। আৰু তাতো ইয়া (মাছ) দেৱতাৰ কৃপাত সৃষ্টিৰ কণ নমৰাৰ কথা বৰ্ণোৱা আছে।