পৃষ্ঠা:পখিলা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পখিলা


ডাঙৰ মাছে মোক ধৰি খাব নহয়? মোক নি কলহৰ পানীত জীয়াই ৰাখক।” ৰজাই তাকে কৰিলে। ৰাতিৰ ভিতৰতে মাছটো বাঢ়ি শকত হৈ কলহত নধৰা হৈ আছে। পুৱা মাছটোৱে ৰজাক ক’লে, “মোক এটি খালত থৈ দিয়ক।” খালত পেলোৱা মাত্ৰকে মাছটো তিনিহাত বাঢ়িল আৰু তাতো তাক নধৰা হ’ল। খালৰপৰা তুলি নি তাক পুখুৰীত থোৱা হ’ল। তাতো নধৰে। তাৰপৰা ডাঙৰ বিললৈ নিয়া হ’ল। বিলতো নধৰা হ’ল। বিবুধি হৈ ৰজাই নি শেষত মাছটে৷ সাগৰত মেলি দিলে। আকৌ মাছটোৱে মাত দি ক’লে, “মোকনো কেলৈ এৰি দিব লাগিছে, সাগৰৰ জন্তুৱে মোক খাই পেলাব নহয়?”

 ৰজাৰ মনত আশঙ্কা হ’ল। এই অতিকায় মাছটোকনো কিহে খাব? ই মাছ নহয়, কোনোবা দেৱতাই ভেশছনকৈ তেওঁক ছলনা কৰিছে। ৰজাই তুতি-মিনতি কৰিবলৈ ধৰিলে। তুতিত প্ৰসন্ন হৈ মাছে ক’বলৈ ধৰিলে, “আজিৰপৰা সাত দিনৰ দিনাখন প্ৰলয় বানে পাহাৰ-পৰ্বত একো নেদেখাকৈ পৃথিৱীখন ছাটি পেলাব। ইয়াৰ ভিতৰতে তুমি ডাঙৰ নাও এখন সজাই থোৱা। বান-পানী দেখা দিওঁতেই সকলো গছ-গছনি আদিৰ গুটি আৰু জীৱ-জন্তু আদি নাৱত ভৰাই তুমিও উঠিবা। মোৰ মূৰৰ পৰা দীঘল শিং এটি ফুটি ওলাব। নাগ-জৰিৰে নাওখন কটকটীয়াকৈ মোৰ শিঙত বান্ধিবা। ব্ৰহ্মাই সাৰ নাপায় মানে নাওঘন শিঙত বন্ধাই লৈ মই পানীত সাঁতুৰি ফুৰিম।

 সাত দিনৰ দিনা সাগৰত ঢৌ উঠি পাৰ ভাঙি নগৰৰফালে বাগৰিব ধৰিলে। আকাশত মেঘৰ গাজনিত প্ৰলয়ৰ ঢাক-ঢোল বাজি উঠিল। পানীৰ খলকনি, মেঘৰ গুৰগুৰণিত তমোময় লাগিল। সত্যব্ৰত ৰজাই মাছ-দেৱতাৰ আজ্ঞা পালি নাৱত উঠিল। বতাহৰ কোবত নাও অনাই বনাই ফুৰিব ধৰিলে। এনেতে পৰ্বতৰ টিঙৰ দৰে শিং এটি উলিয়াই মাছ-দেৱতা নাৱৰ ওচৰ চাপিল। আগৰ কথা মতে