পূজা চলিছিল। এছিৰিয়া ৰাজ্যতে৷ মাছ-দেৱতাক বৰকৈ মানিছিল।
এছিৰিয়াৰ নাৱৰীয়াহঁতে মাছ-দেৱতা নাম লৈহে নাও মেলি দিছিল
আৰু মাছ-দেৱতাৰ মূৰ্তি একোখন লৈ ফুৰিছিল। সেই কালত লোহিত
সাগৰৰ পাৰত ফিলিষ্টিয়া বুলি দেশ এখন আছিল। তাৰ মানুহবোৰক
ফিলিষ্টাইন বোলা হৈছিল বাবে আজিকালি দেশখনৰ নাম হৈছে
পেলেষ্টাইন। পুৰণি ফিলিষ্টাইনবিলাকেও ডেগন নামেৰে মাছ-দেৱতাৰ
পূজা কৰিছিল। (ডেগন—মাছ)
হিন্দুৰ পুৰাণ শাস্ত্ৰতো ঈশ্বৰৰ মৎস্য-অৱতাৰৰ কথা আছে। মহাপুৰুষে “কীৰ্তন”ত লিখিছে—
মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত।
তোমালোকে পখিলাৰ মুখৰপৰা প্ৰজাপতি ব্ৰহ্মাৰ কথা শুনিছাহঁক। ব্ৰহ্মা যিমানখিনি পৰ সাৰে থাকে, তিমানখিনি পৰ হে বিশ্ব-সংসাৰখন চলি থাকে। ব্ৰহ্মাই টোপনিত পৰিলে সংসাৰত মহাপ্ৰলয় হয়। আকৌ সাৰ পালে সংসাৰ ৰচনা কৰে। আমাৰ পৃথিৱীৰ ২১৬ কোটি বছৰতহে ব্ৰহ্মাৰ এদিন পূৰ হয়। সেই দেখি, সোনকালে প্ৰলয় হ’ব বুলি ভয় নাখাবা।
এদিনাখন গধূলি ব্ৰহ্মাই টোপনি যাওঁ বুলি যোজা কৰিছে। চকুযুৰি মুদ খাইছে মাথোন, এনেতে হয়গ্ৰীৱ নামে (হয় = ঘোঁৰা; গ্ৰীৱ=গল) ঘোঁৰা গলীয়া অসুৰ এটিয়ে হিন্দুৰ পবিত্ৰ শাস্ত্ৰ বেদ চাৰিখন লৈ পলাল। অসুৰৰ অতপালি দেখি বিষ্ণু দেৱতাই ততালিকে ছেলেকনি মাছ এটি হৈ সাগৰত পৰিল।
সাগৰৰ পাৰত সত্যব্ৰত নামে ৰজা এজনে ধ্যান কৰি আছিল। ধ্যানৰ অন্তত তৰ্পণ কৰিবলৈ তেওঁ পানী এচলু হাতত ল’লে। তেওঁ দেখিলে, পানীৰ লগত অকণমানি মাছ এটিও আহিছে। মাছ দেখি ৰজাই পানী চলু আকৌ সাগৰত পেলাই দিলে। এনেতে মাছটোৱে মাত লগাই ক’লে, “মোকনো কেলৈ পানীত এৰি দিলে,