পৃষ্ঠা:পখিলা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাছ অৱতাৰ

 প্ৰায় ছয় হেজাৰ বছৰ আগেয়ে য়ুফ্ৰেটীছ নদীৰ পাৰত বেবিলন নামেৰে নগৰ এখন আছিল। সেই নগৰখন তেতিয়াৰ দিনত সভ্যতাৰ ওখ খাপত উঠিছিল। পণ্ডিতসকলে কয়, তাতেই হেনো পোন-পহিলে সভ্যতাৰ উদয় হয়।

 সেই দেশৰ পুৰাণ শাস্ত্ৰত আছে, তাত হেনো পোন-প্ৰথমে ইয়া-হান (ইয়া=মাছ) বুলি মাছ-দেৱতা এটিয়ে মানুহৰ মাজত জ্ঞান, বিজ্ঞান আদিৰ লাগতিয়াল তত্ত্ব-কথা প্ৰচাৰ কৰে। বেবিলনৰ পুৰাণত আছে যে এদিনাখন পুৱা পাৰস্য সাগৰৰপৰা এটি অদ্ভুত জন্তু পাৰলৈ উঠি আহে। তাৰ গাটো মাছৰ দৰে। কিন্তু, মাছৰ মূৰৰ লগত মানুহৰ দৰে মূৰ এটিও আছে। হাত-ভৰি মানুহৰ দৰে, কিন্তু পাছফালে ফিচা এখনো আছে। সি মানুহৰ দৰে কথা ক’ব পাৰে।

 সি নিতৌ পুৱাই সাগৰৰপৰা উঠি আহি, গোটেই দিনটো লঘোনে থাকি মানুহৰ লগত মিলি সিহঁতক লাগতিয়াল কথাবোৰ শিকায়—কেনেকৈ ঘৰ বান্ধিব লাগে, কেনেকৈ ধান ব’ব লাগে, কেনেকৈ মাটি জুখিব লাগে ইত্যাদি। লগে লগে লিখা-পঢ়া, জ্ঞান-বিজ্ঞান, শিল্প আদিৰ কথাও কয়। বেলি মাৰ যোৱাৰ লগে লগে মাছ দেৱতাই সাগৰলৈ উভতি গৈ, তাত বুৰ মাৰি থাকি ওৰে ৰাতিটো কটায়। আৰু পিছদিনাখন পুৱাই ওলাই আহে। এইদৰে মাছ-দেৱতাৰ কৃপাত বেবিলন নগৰত সভ্যতাৰ প্ৰচাৰ হয়।

 সেই সময়ত বেলিনৰ ওচৰচুবুৰীয়া দেশবোৰত মাছ-দেৱতাৰ