পৃষ্ঠা:পখিলা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
পখিলা


বতাহৰ ছেগ চাই গিৰিহঁতে খেৰ-পুঁজিত জুই লগাই দিলে। প্ৰভুৰ কাপোৰত জুই লাগিল। সাৰ পাই পোৰণিত তৎ নেপাই ওচৰৰ পাগলাদিয়া নদীত জাঁপ দি পৰিল। পোৰা ঘাত চেঁচা পানী লাগি বখলা-বখলি ছাল উঠি গ’ল।

 কেঁকাই গেঁথাই প্ৰভু আহি আশ্ৰমত উপস্থিত হ’ল। ইন্দ্ৰদেৱতা হাৰিছিলেই; শেষত উপায়ান্তৰ নেদেখি ধৰ্ম যুদ্ধৰ পথ এৰি বজ্ৰ মাৰি তেওঁৰ গাটো পুৰি পেলালে। ভক্তসকলে হয়ভৰ দিলে। কিন্তু, কিছুদিনৰ মূৰত প্ৰভুৰ পোৰা ঘাত পোকে দেখা দিলে। প্ৰভুই ঐহিক লীলা সম্বৰণ কৰিলে।