পৃষ্ঠা:পখিলা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
নাৰায়ণৰূপী জোঁৱাই


পতাকাৰে সাধনাক্ষেত্ৰত সংযোগ ঘটিছে। ত্ৰিবৰ্ণ পতাকাত চৰকাৰ ছাব মাৰি দুই-এজনে লক্ষ্মীদেৱীৰ অনুগ্ৰহ লাভ কৰিব পাৰিছে। বৰ্তমান যুগত তাঁতীৰ সমান ধৰ্মী পুৰুষ বহুত, কেৱল কৰ্মক্ষেত্ৰহে বেলেগ।

 ঐশ্বৰিক মাহাত্ম্যৰো লোপ ঘটা নাই। কিছুদিন আগত আঁৰ বজাৰৰ প্ৰকাশ্য প্ৰকোপৰ সময়ত উজনি আৰু নামনি অসমত দুজন অৱতাৰী পুৰুষে মাহাত্ম্য প্ৰচাৰ কৰিছিল। দুয়ো দুৰাৰোগ্য ৰোগৰ দৰব বুলি খালৰ পানী বটলত ভৰাই মন্ত্ৰপুত কৰি বেচিছিল। সম্প্ৰতি মাহাত্ম্য সম্বৰণ কৰিছে বুলি শুনা গৈছে। কিন্তু, আধুনিক কালৰ ডাঙৰ অৱতাৰ এটিৰ আবিৰ্ভাৱ হৈছিল চল্লিশ বছৰমান আগত কামৰূপৰ এখনি গাঁৱত।

 অৱতাৰীজন গাঁৱলীয়া খেতিয়ক। ভাং খোৱাত অতিপাত অনুৰক্ত বুলি তেওঁক সিন্ধু ভাঙুৰী বোলা হৈছিল। অসমীয়া পদপুথি পঢ়িব পাৰিছিল। গীতাৰ ৺গোৱিন্দ মিশ্ৰৰ ভাঙনি তেওঁৰ কণ্ঠাগত। গীতাকেই আলম কৰি সমাজৰ খলা-বমা সমান কৰিবৰ উদ্দেশ্যে নতুন ধৰ্ম প্ৰচাৰ কৰিলে। ভাঙৰ খোলাত নিতৌ নতুন নতুন শিষ্য আহি যোগ দিলেহি। সিন্ধু ভাঙুৰীয়ে দিগবিজয়লৈ বুলি বাহিৰ হৈ বৰপেটা ধামো মাৰিলে। গীতাৰ পদৰ আগত পণ্ডিতসকল নিৰুত্তৰ। ভাঙুৰীৰ শিষ্যৰ সংখ্যা বাঢ়িল। আশ্ৰম স্থাপিত হ’ল। কমিউনিষ্ট পদ্ধতিৰে ঘৰ-মাটি বেচি শিষ্যসকল আহি সপৰিয়ালে আশ্ৰমত বাহ ল’লে : টকা-শিকা উমৈহতীয়া ভঁৰালত জমা হ’ল। সিন্ধু ভাঙুৰীৰ আখ্যা হ’ল প্ৰভু, ঘৈণীয়েক হ’ল আই গোসাঁনী। ভাঙুৰীৰ মাহাত্ম্য চাৰিওফালে বিয়পি পৰিল।

 এদিন আশ্ৰমত থকা শিষ্য এজনৰ সন্তান এটি মৰিল। শোকত অধীৰ শিষ্যই প্ৰভুত নিবেদন জনালে। প্ৰভুৱে কীৰ্তন পুথিৰ “বিপ্ৰপুত্ৰ আনয়ন” পৰ্ব স্মৰণ কৰি ইন্দ্ৰৰ লগত যুঁজ কৰি শিষ্য-পুত্ৰ আনিবলৈ কাচি পাৰি ওলাল।

 চ’তমহীয়া খৰাং, তাৰ ওপৰত ভাঙৰ ৰাগী! প্ৰভুৱে গৈ সৰিয়হৰ মৰণা মৰা চাকলিত সৰিয়হৰ খেৰৰ পুঁজিৰ আঁৰত শুই আছে।