পৃষ্ঠা:পখিলা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
পখিলা


অস্ত্ৰ নধৰো। মই মাৰিলে সিহঁতৰ বৈকুণ্ঠত বাস হ’ব। শত্ৰুৰ স্বৰ্গপ্ৰাপ্তি নঘটে, তালৈ ৰজাই অহোপুৰুষাৰ্থ কৰে যেন।” কুঁৱৰীয়ে জোঁৱায়েকৰ সঙ্কল্প ৰজাত নিবেদন কৰিলে। শেহ বাৰলৈ সাজু হৈ ৰজাই যুঁজলৈ ওলাল।

 ইফালে বৈকুণ্ঠত লক্ষ্মীপতি আচল নাৰায়ণ মহা বিমোৰত পৰিল। গৰুড়ক সুঁৱৰিলে। গৰুড় উপস্থিত হ’লহি। নাৰায়ণে ক’লে—“গৰুড়, তাঁতীৰ কাৰচাজি তুমি লক্ষ্য কৰিব পোৱা। মোৰ ৰূপ লৈ তোমাৰ প্ৰতিমাত উঠি সি মৰিবলৈ ওলাইছে। যুঁজলৈ ওলালেই ক্ষত্ৰিয় সৈনাই তাক কাঁড়েৰে বিন্ধি মাৰিব। তেতিয়া লোকসমাজত দুৰ্নাম প্ৰচাৰ হ’ব ক্ষত্ৰিয়ৰ হাতত বাসুদেৱ আৰু গৰুড়ৰ পতন হোৱা বুলি। আগলৈ তোমাক আৰু মোক কোনেও পূজা-পাতল নিদিয়া হ’ব। সেই কাৰণে তুমি কাঠৰ গৰুড়ত ভৰ খাই নিজৰ শক্তি সঞ্চাৰ কৰা আৰু ময়ো তাঁতীৰ গাত লম্ভোগৈ। শত্ৰু বধ হ’লে আমাৰ দুয়োৰে মাহাত্ম্যহে বাঢ়িব।”

 সঙ্কল্প অনুসাৰে কাম। গৰুড়ে কাঠৰ গৰুড়ত ভৰ ল’লে আৰু নাৰায়ণে তাঁতীৰ গাত শক্তি সঞ্চালন কৰিলে। শত্ৰুসৈন্য নিস্তেজ হ’ল। অনায়াসে শহুৰেক ৰজাৰ বিজয় মিলিল। লোকসমাজত আৰাও হ’ল নাৰায়ণৰূপী জোঁৱায়েকৰ যহত ৰজাৰ শত্ৰুৰ নিপাত ঘটিল।

 আকস্মিক ঘটনাত তাঁতীৰ মনত উলাহ। গৰুড় ৰথেৰে আকাশৰপৰা নামি আহিল। ৰজা-মন্ত্ৰী সকলোৱে সম্বৰ্দ্ধনা কৰিবলৈ গৈ দেখে যে তেওঁলোকৰে পৰিচিত সেই নগৰৰ তাঁতীৰ পোৱালি। সকলো নিমাত। ইটোৱে সিটোৰ মুখলৈ চায়। নিস্তব্ধতা ভঙ্গ কৰি তাঁতীয়ে গুৰিৰপৰা সকলো বৃত্তান্ত ভাঙি ক’লে। তাঁতীৰ মৰসাহত মুগ্ধ হৈ আৰু বিশেষকৈ শত্ৰুৰ হাতৰপৰা ৰাজ্য ৰক্ষা পৰিলত আনন্দিত হৈ সকলো প্ৰজাৰ সম্মুখতে তাঁতীলৈ কুঁৱৰীক বিয়া দিলে আৰু ৰাজ্যৰো এডোখৰ যৌতুকলৈ বুলি দান কৰিলে।

 কালৰ পৰিৱৰ্তন ঘটিছে। গৰুড়ধ্বজৰ লগত সময়ে সময়ে ত্ৰিবৰ্ণ