পৃষ্ঠা:পখিলা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
নাৰায়ণৰূপী জোঁৱাই


সীমান্ত ৰজাসকলৰ ৰাজ্য দখল কৰি সমস্ত পৃথিৱী বশ কৰি একচ্ছত্ৰী সম্ৰাট হোৱাতহে তেওঁৰ গোঁসাই ঈশ্বৰৰ শহুৰেকৰ যোগ্যতা প্ৰকাশ পাব।

 কামনা অনুযায়ী কাম। পিছদিনা পুৱাৰপৰা সীমান্ত ৰজাসকলৰ ৰাজ্যত আক্ৰমণ আৰম্ভ হ’ল। ৰজাসকলে এই আকস্মিক দুৰ্ঘটনাৰ কাৰণ নুবুজি একগোট খাই ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে।

 যুঁজৰ পিছত যুঁজ। ৰজা হাৰিবলৈ ধৰিলে। উপায়ান্তৰ নেদেখি ৰাণীত খাটনি ধৰিলে, ছোৱালীত গৈ ক’ব লাগে; নাৰায়ণ জোঁৱায়েকে যেন শত্ৰু সংহাৰ কৰে। ছোৱালীয়ে নাৰায়ণৰূপী স্বামীত সকলো কামনা নিবেদন জনালে। চক্ৰধাৰী তাঁতীয়ে কপট তাচ্ছিল্যৰ হাঁহি এটি মাৰি ডাঙ্কোপ মাৰি ক’লে—“মোৰ আগত আকৌ এই কীট-পতঙ্গবোৰ ৰজা। চাই থাকিবা, চক্ৰেৰে ইহঁতক তিলতিলকৈ কাটি নাইকিয়া কৰিম।” কিন্তু, দিনৰ পিছত দিন যাবলৈ ধৰিলে, নাৰায়ণৰূপী জোঁৱাইৰ শত্ৰুৰ প্ৰতি কোনো কাণসাৰ নাই। শহুৰেকৰ ৰাজ্য গ’ল, বাকী আছে মাথোন কাৰেং ঘৰটো। ৰাতি পুৱালে তাকো এৰিব লাগিব। ছোৱালীৰ হতুৱাই ৰাজ্যৰ শেহ বাতৰি জোঁৱায়েকত নিবেদন কৰিলে। বিষ্ণুৰূপী স্বামীক জনালে—“আজিয়েই আমাৰ শেহ মিলন, কালি পুৱা সপৰিয়ালে ৰাজ্য এৰিব।” তাঁতীক মহা দুশ্চিন্তাই আৱৰি ধৰিলে। এফালে দুৰন্ত বিচ্ছেদ, আনফালে নিজৰ মৰণ।

 তাঁতীয়ে মৰণতে শৰণ ল’লে। কিন্তু, মনত এটি বুদ্ধি সাজিলে। মিছা হ’লেও ৰাতিপুৱা সি মাহাত্ম্যৰ আটোপ এপালি দেখুৱাব। গৰুড়ত উঠি শঙ্খ, চক্ৰ আদিৰে বিভূষিত হৈ সি আকাশত বগাই ফুৰিব, কিজানি শত্ৰু ৰজাবোৰে ৰথৰ ঘৰঘৰণি শব্দত উধাতু খাই পলায়েই। কুঁৱৰীক উদ্দেশ্য কৰি ক’লে—“তোমাৰ পিতৃদেৱতাক গৈ কোৱা, ম‍ই শত্ৰু সংহৰণ কৰিম। সিহঁতে উধাতু খাই কাঠৰ পুতলাৰ দৰে বীৰ্যহীন হ’ব। ৰজাৰ সৈন্যই গৈ সিহঁতক কাটিব। মই কিন্তু নিজে