পৃষ্ঠা:পখিলা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
পখিলা


তাৰো কৌশল তাঁতীক শিকালে। তাঁতীক গড়ৰ ৰথত তুলি দি ৰথকাৰে বুজনি দিলে—“এই আকাশী-ৰথত উঠি কুঁৱৰীৰ অন্তেষপুৰ পোৱাগৈ। নিজক নাৰায়ণৰূপী দেৱতা বুলি পৰিচয় দি ৰাজকুঁৱৰীক বিয়া কৰাবা।”

 তাঁতীয়ে গৰুড়-ৰথত খিলা-জৰি সঞ্চালন কৰিলে। ৰথ গৈ কুঁৱৰীৰ দুৱাৰ-ডলিত উপস্থিত হ’ল। কুঁৱৰীক টোপনিৰপৰা তোলাই তাঁতীয়ে সম্বোধন কৰিলে—“মই নাৰায়ণৰূপী বিষ্ণু, আৰু তুমি মানৱী ৰূপিনী ৰাধা। তোমাক বিচাৰি মই বৈকুণ্ঠত লক্ষ্মীক এৰি থৈ পৃথিৱীলৈ আহিছো। গন্ধৰ্বৰ ৰীতিৰে মালা এধাৰি দি মোলৈ বিয়া সোমোৱা। নহ'লে শাও দি সবংশে তোমাৰ পিতৃকুল নাশ কৰিম! কিন্তু সাৱধান, কোনো মানুহক নেমাতিবা, মই কাৰো লগত মৌখিক কথা নাপাতো।”

 শঙ্খ, চক্ৰ আদি চিনেৰে সজ্জিত নাৰায়ণ ৰূপ দেখি কুঁৱৰীৰ ভয় উপজিল। কিন্তু, বিয়াৰ প্ৰস্তাৱত ভয়ৰ লগত লাজো আহি পৰিল। গন্ধৰ্বৰ বিধিৰে গোপন বিয়া হৈ গ’ল। দোকমোকালিতে তাঁতীয়ে কাঠৰ গৰুড় ৰথ বাই ওলাই গ’ল। এইদৰে দিনৰ পিছত দিন উকলিব ধৰিলে। ৰাধা-মাধৱৰ বিচ্ছেদ নাই। পৰীয়াসকলে কুঁৱৰীৰ আও-ভাওৰপৰা গম পালে কথা বিষম। ৰজাত গৈ সিহঁতৰ সংশয় নিবেদন কৰিলে। ৰজাই গৈ ৰাণীৰ ওচৰত পৰীয়াহঁতৰ সংশয়ৰ বাতৰি ভাঙিলে। ৰাণীয়েও গৈ জীয়েকক গালি-শপনি পাৰি আচল কথাটো বিবৰি ক’বলৈ হেঁচা দিলে। কুঁৱৰীয়ে লাজত তলমূৰকৈ কেনেকৈ নাৰায়ণৰূপী স্বামী লাভ কৰিলে তাৰ বিৱৰণ দিলে। ৰাণীয়ে গোসাঁই ঈশ্বৰক জোঁৱাই ৰূপে পোৱা বাতৰিত আপোন-পাহৰা হ’ল। উলাহতে ৰজাত গৈ নিবেদন কৰিলে। ৰজা-ৰাণী দুয়ো খিৰিকিৰ বিন্ধাৰে জোঁৱায়েকৰ স্বৰ্গাৰোহণ জুমি চাই থাকিল।

 আকাশৰপৰা হৰ্‌ হৰ্‌ শবদেৰে গৰুড় ৰথ নামি আহি কন্যাৰ দুৱাৰ-ডলিত ৰ’ল। ৰজাৰ বাহু দুখনি নাচি উঠিল। স্বয়ং স্বৰ্গৰ নাৰায়ণ ঘৰ-জোঁৱাই। তেওঁ আৰু ক্ষুদ্ৰ ৰজা হৈ থাকিব কিয়?