পৃষ্ঠা:পখিলা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৰায়ণৰূপী জোঁৱাই

 এজন তাঁতী অৰুি এজন ৰথকাৰ (গাৰী তৈয়াৰ কৰ৷ কাঠমিস্ত্ৰি) দুয়ো সখি। এক গাঁৱতে ঘৰ আৰু সৰুৰেপৰা হয়ো একেলগে ডাঙৰ- দীঘল হৈছে। এদিন দেৱালয়ত যাত্ৰা মহোৎসৱ; লোকে লোকাৰণ্য। সেই দেশৰ ৰাজকুঁৱৰীও মাইকী-হাতীত উঠি যাত্ৰা ভাৱনা চাবলৈ গৈছে। ৰাজকুঁৱৰীৰ ৰূপ-লাৱণ্যৰ ৰাগী এছাটি আহি তাঁতীৰ গাত লাগিল। তাঁতী মূৰ্ছা গৈ বাগৰি পৰিল, সখি ৰথকাৰে মানুহৰ সহায়েৰে তাঁতীক ঘৰলৈ নিয়াই মূৰত চেঁচা পানী দি চেতনা দিয়ালে। ৰথকাৰে হাত-মূৰ মোহাৰি দি সখিৰনো হঠাৎ কিয় বিচেতনা আহিল সুধিলে। তাঁতীয়ে আমন-জিমনকৈ ক’লে—“সখি, মোৰ ৰোগৰ কাৰণ নোসোধাই ভাল। তাৰ দৰব দেৱতাৰো অসাধ্য। এতেকে মোৰ বাবে চিতা ৰচনা কৰা। মোক জীয়াই পোৰাহে ভাল।” ৰথকাৰে উত্তৰ দিলে—“সখি, এবাৰ মোৰ মুখলৈ চাই ভাঙি-পিতি কোৱাচোন। যদি দৰব-জাতিয়ে লগ নোপোৱা বেমাৰহে হৈছে, ময়ো একে চিতাতে তোমাৰ লগত পুৰি মৰিম।”

 সখিয়েকৰ আশ্বাস পাই তাঁতীয়ে ৰোগ নিদান বৰ্ণনা কৰিলে। ৰথকাৰে ধেমেলীয়া হাঁহিৰে ক’লে—“অ, সেইফেৰাহে ৰোগ, তাৰ দৰব মোৰ আঙুলিৰ পাকতেই আছে। আজি ৰাতিয়েই তোমাৰ আৰু কুঁৱৰীৰ মিলন ঘটাম। যদিও ৰাজ-অন্তেষপুৰত বতাহৰ বাহিৰে আনৰ প্ৰবেশ নিষিদ্ধ, মোৰ বুদ্ধিৰ কৌশলেৰে সি তোমালৈ মুকলি থাকিব!” এইবুলি কৈ ৰথকাৰে তৎক্ষণাৎ কুঁহিলা কাঠেৰে গৰুড়ৰ মূৰ্তি এটা সাজিলে আৰু লগতে শঙ্খ, চক্ৰ, গদা, পদ্ম কিৰীটিও তৈয়াৰ কৰিলে। তাঁতীৰ গাতো বিষ্ণু মূৰ্তিৰ চিন ৰঙেৰে আঁকি দিলে। কাঠৰ গৰুড় মূৰ্তিটো খিলা গজালেৰে কেনেকৈ উৰুৱাই নিব লাগে