পৃষ্ঠা:পখিলা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
পখিলা


সময়ত কোনটো প্ৰীতিদায়ক, কোনটো মঙ্গলদায়ক থিৰ কৰা বৰ টান। সেই কাৰণে জ্ঞানীসকলে নিৰ্দিষ্ট বস্তুৰ প্ৰতি কামনা নজনাই, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।

“যচ্ছ্ৰেয়ঃ স্যান্নিশ্চিতং ব্ৰূহি তমে।”

 “হে দেৱতা, যিটো মোৰ পক্ষে মঙ্গলদায়ক, সেইটো মোক জনাই দিয়া।”