পৃষ্ঠা:পখিলা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কামনাত কেৰোণ


গৰাকী বুলি খ্যাতি আছিল। সেই ঘৰতে পেৰিচ আলহী। ৰজা-ৰাণীয়ে অতি সন্মানেৰে তেওঁৰ আল ধৰিলে। ইতিমধ্যে কেইদিনমানৰ বাবে মেনিলচে ঘৰ এৰিবলগীয়া হ’ল। ৰাণী হেলেনৰ ওপৰত আলহী সোধাৰ ভাৰ দি ৰজা স্থানান্তৰলৈ গ’ল।

 এই শূন্য ক্ষণতে দেৱী ভেনাচে আলহী কোঁৱৰ আৰু গিৰিহঁতনী ৰাণীৰ অম্ভৰত প্ৰেমৰ ঢলপানীৰ জোৱাৰ তোলালে। দুয়োৰে আকৰ্ষণ অনিৰ্বাৰ হৈ উঠিল। ৰজাৰ অনুপস্থিতিত পেৰিচ আৰু হেলেন অবৈধ প্ৰীতিৰ ডোলত মেৰ খাই পলাল—নাও-ব’ঠাৰে ট্ৰয় ৰাজ্যৰ কাৰেঙত উপস্থিত হ’ল।

 এই ঘটনাটো হ’ল সংস্কৃত মহাকাব্য ৰামায়ণৰ দৰে প্ৰসিদ্ধ গ্ৰীক মহাকাব্য ইলিয়াদৰ পট-ভূমিকা। সীতাৰ উদ্ধাৰ আৰু হেলেন উদ্ধাৰ সমান্তৰাল ঘটনা। সীতাক উদ্ধাৰ কৰোতে লঙ্কা ধ্বংস হ’ল, আৰু হেলেনক উদ্ধাৰ কৰোতে ট্ৰয় নগৰ ধূলিত পৰিণত হ’ল। গ্ৰীচৰ ৰজাসকলে হেলেনৰ হৰণক সমগ্ৰ গ্ৰীচ জাতিৰ প্ৰতি অপমান বুলি মানি ল’লে। ট্ৰয় ৰাজ্যৰ বিৰুদ্ধে অভিযান হ’ল। দহ বছৰৰ মূৰত ছলে-ছন্দে ট্ৰয় ৰাজ্য সমূলঞ্চে ধ্বংস কৰি হেলেনক উদ্ধাৰ কৰা হ’ল। যুদ্ধত পেৰিচৰো নিপাত হ’ল।

 এয়ে দেৱতাৰ বৰ! বৰ আখৰে আখৰে ফলিয়ায়; কিন্তু ফলাফল ভোগ কৰিব লাগে মাগোঁতাজনে। তাৰ বাবে বৰ দিয়া দেৱতা জগৰীয়া নহয়। অৰোৰাই কামনা অনুসাৰে অমৰ প্ৰেমিক পাইছিল, কিন্তু প্ৰেমিকৰ স্থবিৰত্বৰ বাবে দেৱতা দায়ী নহয়। মাইদাচে কামনা অনুসাৰে পৰশ পাইছিল, কিন্তু মুখত সোণৰ গুলি লৈ ভোকত মৰা অৱস্থাৰ বাবে তেওঁ নিজে দায়ী। পেৰিচেও অৰূপ শুৱনি তিৰোতা পালে—এই পৰ্যন্তই দেৱতাৰ দায়িত্ব। সেই কাৰণে দেৱতাৰ ওচৰত বৰ মাগোঁতে অতি সাৱধান হ’ব লাগে।

 পণ্ডিতসকলে মানুহৰ বাসনাক দুই ভাগত ভগাইছে। প্ৰেয় আৰু শ্ৰেয়। এবিধ বাসনাই প্ৰীতি দিয়ে, আন বিধে মঙ্গল দিয়ে। বহুত