পৃষ্ঠা:পখিলা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পখিলা


 শেষলৈ নিকপকপীয়াভাৱে দাবি জনোৱাৰ ভিতৰত থাকিল তিনি গৰাকী দেৱীমূৰ্তি—জুনো (স্বৰগৰ ৰাণী), মিনাৰ্ভা (জ্ঞান-প্ৰজ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী—সৰস্বতী) আৰু ভেনাচ (প্ৰেম আৰু সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী অৰ্থাৎ ৰতিদেৱী )। এওঁলোকৰ প্ৰত্যেকেই নিজক অৰূপ ধুনীয়া বুলি নিজৰ বিশ্বাসক খামুচি ধৰি থাকিল। নৱ-দেৱতাৰ ভিতৰত কোনেও মধ্যস্থ হ’বলৈ সাহ নকৰিলে। ছাগলীৰখীয়া কোঁৱৰ পেৰিচৰ সুবিচাৰক বুলি খ্যাতি আছিল। সেই কাৰণে তিনিও তেওঁৰ ওচৰ পালেগৈ।

 মিনাৰ্ভাই গোচৰ জনালে— “মোক যদি সোণালী আপেলটো দিয়া, মই তোমাক জ্ঞান-বিজ্ঞানৰ পোহৰেৰে জিলিকাই ৰাখিম। তুমি সুখ-শান্তিৰ অধিকাৰী হ’বা।”

 জুনোৱে নিবেদন কৰিলে—“ফলটো মোক দিয়া, তোমাক অফুৰন্ত ধন আৰু অসীম ক্ষমতাৰ মালিক কৰিম।”

 কিন্তু, প্ৰেম-সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী ভেনাচে যেতিয়া কৃত্ৰিম সৰলতাৰ মোহিনীৰূপ ধাৰণ কৰি পেৰিচৰ কাণে কাণে ফুচফুচাই ক’লে—“ফলটে৷ মোক দিয়া, মোৰ নিচিনা অপৰূপ সুন্দৰী এজনী তোমাক তিৰোতা স্বৰূপে দিম।” তেতিয়া জ্ঞানৰ গৰিমা আৰু ধন-ক্ষমতাৰ লালসাৰ সপোন পেৰিচৰ মনৰপৰা পাতল ডাৱৰৰ দৰে উৰি গ’ল।

 সৌন্দৰ্যৰ মাদকতাত পেৰিচে ভেনাচৰ মেলা-হাতৰ তলুৱাত সোণালী আপেলটো অৰ্পণ কৰিলে। ভেনাচেও নিজৰ প্ৰতিজ্ঞা পূৰণৰ অৰ্থে লাগি বান্ধি উঠিল। তেওঁৰ উদগনি অনুসাৰে পেৰিচে বাপেকৰ ৰাজ্যলৈ গৈ নিজৰ পদ দখল কৰি ল’লে। ভেনাচে প্ৰেৰণা যোগালে, পেৰিচ গ্ৰীচ দেশলৈ ফুৰিবলৈ যাব লাগে। দেৱতাৰ কথা আওহেলা কৰিব নোৱাৰি। নাও-ব’ঠা লৈ পেৰিচ গ্ৰীচ দেশৰ স্পাৰ্টা ৰাজ্যৰ আলহী হ’ল।

 স্পাৰ্টাৰ ৰজা মেনিলচৰ ৰাণী পুৰণি কালত অতুলনীয় ৰূপৰ