পৃষ্ঠা:পখিলা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কামনাত কেৰোণ


 সময়ৰ সোঁতত তিথোনাচ আলৰ-অথৰ বুঢ়া হ’ল। অৰোৰাই মনত প্ৰমাদ গণিলে! কিছুমান দিন আলপৈচানৰ ভয়ত সৰু কোঠালি এটিত অমৰ স্বামীক বন্ধ কৰি ৰাখিলে। তাতো অসুবিধা বহুত। শেষত নিৰুপায় হৈ দেৱতাত বৰ মাগিলে, তিথোনাচ যেন ফৰিং এটা হৈ ঘাঁহৰ পাতত জঁপিয়াই ফুৰে। অৰোৰাৰ কৰুণ অৱস্থা লক্ষ্য কৰি দেৱতাই তিথোনাচক ফৰিঙত পৰিণত কৰিলে।

(গ) অৰূপ ধুনীয়া তিৰোতা

 পুৰণি কালত এছিয়া মাইনৰ বোলা ভূখণ্ডত ট্ৰয় নামে ৰাজ্য এখন আছিল। তাৰ ৰাজকোঁৱৰ পেৰিচে দৈৱদোষত আমাৰ শ্ৰীকৃষ্ণৰ দৰে সৰুকালত আনৰ অজানিতভাৱে ছাগলীৰখীয়াৰ কাম কৰিবলগীয়াত পৰিছিল। হাবিয়ে-বননিয়ে ছাগলী চৰায় ফুৰে। এদিনাখন স্বৰ্গৰ তিনিজনী দেৱমূৰ্তি আহি আগত উপস্থিত। লগত এটি সোণালী আপেল ফল। তাৰ বাকলিত লিখা আছিল—“আটাইতকৈ শুৱনি তিৰোতালৈ উপহাৰ।” বিচাৰ কৰি তিনিওৰো যেয়ে সৰ্বসুন্দৰী তেওঁক সোণালী ফলটো বঁটাস্বৰূপে দিব লাগে।

 থেতিচ নামে জলকুঁৱৰী এজনীৰ পেলিউচ নামে ৰজাৰ লগত বিয়া। বিয়ালৈ সৰগৰ সকলো দেৱ-দেৱীকেই বোলন দিয়া হৈছিল আৰু সকলো আহিছিল। কিন্তু, আমাৰ টুটকীয়া নাৰদ ঋষিক যেনেকৈ সকলোৱে বিয়া-বাৰুত ভয় কৰে তেনেকৈ গ্ৰীকসকলেও কোঢ়ালৰ দেৱতা এৰীচ দেৱীক ভয় কৰি বিয়ালৈ মতা নাছিল। লাজ-অপমানত এৰীচ জিঘাংসু হৈ উঠিল। বিয়াৰ মণ্ডপ যেতিয়া ৰং-ৰহইচ, আনন্দ-স্ফুৰ্তিৰে মুখৰিত তেতিয়া এৰীচে এটা সোণালী আপেল দলিয়াই দিলে; তাৰ বাকলিত লিখা আছিল—“আটাইতকৈ শুৱনি তিৰোতালৈ।” তিৰোতাসকলৰ ভিতৰত উখল-মাখল লাগিল।প্ৰত্যেকেই নিজক বঁটাৰ উপযুক্ত বুলি ভাবি ল’লে।