পৃষ্ঠা:পখিলা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
পখিলা


পৰশ উটি গ’ল। কিন্তু, বালিবোৰত আমাৰ সোৱণশিৰি নদীৰ দৰে সোণৰ কণিকা বিয়পি পৰিল।

(খ) অমৰ প্ৰেমিক

 আমাৰ দেশৰ পুৰাণ শাস্ত্ৰত যাক ঊষাদেৱী বোলো, গ্ৰীচ দেশৰ পুৰাণত তেওঁৰ নাম আছিল অৰোৰা দেৱী। অৰোৰা অপৰূপ সুন্দৰী; তেওঁৰ গালৰ সেন্দুৰীয়া ৰঙেৰে সকলো দিশ পোহৰ হয়। পুৱা বেলিকা অৰোৰা দেৱীয়ে পূব দিশৰ মুকুতাৰ দুৱাৰ মেলি দিয়ে আৰু সাতোটা ঘোঁৰাৰ ৰথ ডকাই সূৰ্য দেৱতা বাহিৰলৈ ওলায়।

 এছিয়া মাইনৰৰ ট্ৰয় ৰাজ্যত তিথোনাচ নামে এজন ডেক৷ পুৰুষ আছিল। অৰোৰা দেৱীৰ ৰূপত মুগ্ধ হৈ ডেকাই দোকমোকালিৰ আগতেই বিছনাৰপৰা উঠি বাহিৰ ওলাই পূব মুখলৈ খাপ লৈ থাকে— অৰোৰা দেৱীৰ ৰঙচুৱা সৌন্দৰ্য চাবলৈ! দিনৰ পিছত দিন গ’ল। তিথোনাচৰ ধ্যান অৰোৰাৰ চকুত পৰিল। তিথোনাচৰ সবল, সুঠাম দেহৰ প্ৰতি অৰোৰাৰো স্পৃহা জন্মিল। কিন্তু, দেৱী হ’ল অমৰ আৰু তিথোনাচ হ’ল মৰণশীল নৰ মনিচ। অভেদ মিলনৰ সম্ভাৱনা নাই।

 অৰোৰা দেৱীয়ে সৰগৰ ৰজা জুপিটাৰৰ ওচৰত জেউৰ ধৰিলে, এটোপা মাথোন অমৃত কণিক। দি তিথোনাচক অমৰ কৰিব লাগে। সুন্দৰীৰ জেউৰ জুপিটাৰে অগ্ৰাহ্য কৰিব নোৱাৰিলে।

 তিথোনাচ অমৃত খাই অমৰ হ’ল।

 বছৰৰ পিঠিত বছৰ বাগৰি যাবলৈ ধৰিলে। দেৱীৰ অভেদ প্ৰণয়-লীলাও চলিল। কিন্তু, কালৰ ক্ষয়-শক্তিৰ পৰিচয় স্বৰূপে তিথোনাচৰ মূৰত বগা চুলিৰ গজালি মেল খালে, গাৰ ছালৰ চিকচিকীয়া ৰং মলিন হ’বলৈ ধৰিলে। কালক্ৰমে বাৰ্দ্ধক্যৰ সকলো লক্ষণ তিথোনাচৰ শৰীৰত প্ৰকাশ পালে। অৰোৰা দেৱী কিন্তু স্থিৰ যুৱতী। তিথোনাচ অমৰ, কিন্তু স্থিৰ যুৱা নহয়। দেৱীয়ে অমৰত্ব মাগিলে, কিন্তু স্থিৰ যৌৱন মাগিবলৈ পাহৰিলে।