পৃষ্ঠা:পখিলা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কামনাত কেৰোণ


 বেকাচত বৰ মাগিলে— “মই হাতেৰে যি বস্তু চোওঁ সেয়ে সোণ হওক।” দেৱতাই হয়ভৰ দি জনালে – “তথাস্তু, তেনে হওক।”

 পৰীক্ষা চাবলৈ মাইদাচে বৰ গছৰ ঠানি এটা চুলে। ঠানিটো ততালিকে সোণৰ ফুলডাৰি হ’ল আৰু গুটিবোৰ সোণৰ মণি হৈ জিলমিলাবলৈ ধৰিলে। শিল এডোখৰ চুলে — সিও শিল গুচি সোণৰ হীৰা হ’ল। আপেল ফল এটি হাতত ল’লে, ফল গুচি সোণৰ লাড়ু এটি হাতত থিতাপি হ’ল। আনন্দত ৰজা আপোন-পাহৰ৷! সঁচাকৈ তেওঁ সোণালী পৰশ পালে।

 আনন্দত অধীৰ হৈ কৃপণ ৰজাই ডাঙৰ ভোজ এটি পতাই সকলো বিষয়ববীয়াকেই বোলন দিয়ালে। ৰজাৰ ভোজ! ফল-মূল, মদ-মঙহৰ ভৰত টেবুল ভাঙো ভাঙো! ভোক বঢ়াবলৈ ৰজাই মদ এঢোক মুখত ঢালিলে — ৰাতি গচক খোৱা বোন্দা কেঁচুৰপৰা ওলোৱা জিলমিলিয়া পদাৰ্থৰ দৰে ৰজাৰ মুখৰপৰা হালধীয়া জুলীয়া বাখৰ কিছুমান কোৱাৰিৰে বাগৰি পৰিল। মঙহ এডোখৰ মুখত দলিয়াই দিলে, খটককৈ দাঁতত লাগিল— শিলৰ দৰে বাগৰি পৰিল। শিলৰ দৰে টান সোণৰ গুলি! লঘোনত মৰিব।

 ৰজাৰ মূৰ আচন্দ্ৰাই কৰিলে। বিছনাত গৈ ধৰ্ ফৰাই বাগৰি পৰিল। আচৰিত! গাখীৰৰ ফেনৰ দৰে আতোলতুলীয়া গাৰুটো সোণৰ পাথৰ এডোখৰত পৰিণত হ’ল। যিফালেই বাগৰ সলায় নৰম কাপোৰৰ ঠাইত ডাঠ সোণৰ পাত এডোখৰ হয়।

 ৰজাৰ চেতনা নাই। ভঙুৱা মদাহীৰ দৰে ঢলং-পলংকৈ গৈ বেকাচ দেৱতাৰ ভৰিত দীঘল দি পৰিল। কাবৌ কৰিবলৈ ধৰিলে— “মোক সোণৰ অত্যাচাৰৰপৰা ৰক্ষা কৰক।” বেকাচে ভেকাহি মাৰি উত্তৰ দিলে—“ইমানতে সোণৰ খক পলালনে? সৌৱা নৈখনত বুৰ মাৰাগৈ, নৈয়ে সোণালী পৰশ ধুই পেলাব।” মাইদাচে ৰ’দে পোৰা মানুহৰ দৰে জপংকৈ নৈত জাঁপ দিলে। সোণালী