পৃষ্ঠা:পখিলা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামনাত কেৰোণ

 মহাকবিৰ বচন আছে যে দেৱতা ঈশ্বৰে আমাৰ সকলো কামনাকেই সফল নকৰি, আমাৰ উপকাৰহে সাধে। কিয়নো সকলো বাসনা ফলৱতী হ’বলৈ হ’লে মানুহৰ সুখ-শান্তি নাইকিয়া হ’ব। মানুহৰ মঙ্গলৰ বাবে কি ভাল, কি বেয়া, দেৱতা-ঈশ্বৰেহে জানে। মানুহে নিজে যিটো ভাল বুলি দেৱতাৰ ওচৰত মাগে, তাৰ ফল ভালেমান সময়ত বেয়া হয়। ইয়াৰ উদাহৰণ স্বৰূপ তলত তিনিটা গ্ৰীক পুৰাণৰ আখ্যান দিয়া হ’ল।

(ক) সোণালী পৰশ
(খ) অমৰ প্ৰেমিক
(গ) অৰূপ ধুনীয়া তিৰোতা

(ক) সোণালী পৰশ

 পুৰণি কালত এছিয়া মাইনৰ খণ্ডত লিডিয়া বুলি এখন ৰাজ্য আছিল। তাত মাইদাচ নামে এজন ধনৰ ৰজা খকুৱা আছিল। সৰু কালত পিপৰা-পৰুৱাবোৰে অকণি অকণি মুখেৰে খুদ কঢ়িয়াই আনি সৰু সৰু হাফলু বন্ধা দেখি তেওঁ মনতে ভাবিছিল যে ৰজা হ’লে তেৱোঁ নিজ কাৰেংঘৰটো সোণ-ৰূপৰ হাফলু যেন কৰিব।

 ডেকা বয়সত মাইদাচ ৰজা হ’ল। নানা উপায় উদ্ভাৱনা কৰি প্ৰজাসকলৰ পৰা ধন গোটাবলৈ ধৰিলে। তেওঁৰ সকলো ধাতুৰ মুদ্ৰা আৰু বস্তুকেই সোণৰ সলনি সলাবলৈ ধৰিলে। সোণৰ হালধীয়া ৰঙৰ বাহিৰে তেওঁক আন একো ৰঙেই সন্তোষ দিব নোৱাৰিছিল। আমাৰ দেশৰ ভঙ্গুৱাৰ দেৱতা যেনে মহাদেৱ সেইদৰে পুৰণি গ্ৰীচতো মদাহীৰ দেৱতা আছিল বেকাচ। তেওঁ কিবা এটি চলত বেকাচ দেৱতাক প্ৰসন্ন কৰিলে।