পৃষ্ঠা:পখিলা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এমুঠি সৰিয়হৰ গুটি

 এসময়ত এজন ধনকুবেৰ আছিল। তেওঁ নিতৌ ভঁৰালত সাঁচি থোৱা সোণ ৰূপবোৰ চাই দিনটোলৈ সন্তোষ লভিছিল। এদিনাখন ভঁৰালৰ দুৱাৰ মেলি দেখিলে সোণ ৰূপৰ ঠাইত এপাচিমান ছাই আছে। ধনকুবেৰ শোকত মাটিত বাগৰি পৰিল।

 এজন বন্ধুৱে বেমাৰৰ বাতৰি পাই সান্ত্বনা দিবলৈ আহি ক’লে, “তুমি ধনৰ সজ ব্যৱহাৰ কৰা নাই। সাঁচি থোৱা ধন ছাইৰ নিচিনা, সেই কাৰণে সেইবোৰে স্বৰূপ ধাৰণ কৰি, তোমাক নিজৰ মোল দেখুৱাইছে। তুমি মোৰ উপদেশ লোৱা। ছাইবোৰ বজাৰলৈ লৈ যোৱা। সেইবোৰক কাপোৰ এখনত মেলি লৈ বিকিবলৈ আগবঢ়োৱা।”

 ধনকুবেৰে তাকেই কৰিলে। মানুহে সোধে, “তুমি ছাই বেচা কিয়?” কুবেৰে উত্তৰ দিয়ে, “মোৰ সম্পত্তি মই বিকিব খুজিছো।”

 এদিনাখন কৃশা গৌতমী নামেৰে এজনী মাউৰা ছোৱালী কুবেৰৰ ওচৰত থিয় হৈ সুধিলে, “দেউতা, আপুনি সোণ-ৰূপবোৰ কিয় বেচিবলৈ মেলি থৈছে?” কুবেৰৰ মূৰ আচন্দ্ৰাই কৰিলে। সোণ-ৰূপ ক’তা? মনৰ আউল-জাউল থমাই ছোৱালীজনীক ক’লে, “মোক এমুঠি সোণ-ৰূপ আগবঢ়াই দিয়াচোন।” কৃশা গৌতমীয়ে ছাই এমুঠি হাতত ল’লে। কুবেৰে চাই দেখে সেইবোৰ ছাই নহয়, সোণ ৰূপহে!

 ধনকুবেৰে বুজিলে কৃশা গৌতমী এজনী আত্মিক-দৃষ্টি থকা দৈৱশক্তিসম্পন্না ছোৱালী। ধনকুবেৰে নিজৰ ল’ৰালৈ বিয়া কৰাই ছোৱালীজনীক ঘৰতেই ৰাখিলে।

 কালক্ৰমে কৃশা গৌতমীৰ একেটি মাত্ৰ সন্তান হ’ল। সিয়ো এদিনাখন মৰি থাকিল। শোকত উদ্বাউল হৈ কৃশা গৌতমীয়ে মৰা ল’ৰাটো কোলাত লৈ ওচৰ-চুবুৰীয়াহঁতৰ দুৱাৰমুখলৈ গৈ দৰব খুজিলে।