পৃষ্ঠা:পখিলা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পখিলা


সিহঁতে হুমুনিয়াহ একোটি কাঢ়ি ক’লে, “এইজনী বলিয়া হ’ল। ল’ৰাটো মৰিছে।”

 শেহত এজন বাটৰুৱাই ক’লে, “মই নিজে ঔষধ দিব নোৱাৰো, কিন্তু জনা বেজৰ সন্ধান দিব পাৰো। কুশাই উৎকণ্ঠাৰে সুধিলে, “সেইজন কোন?” বাটৰুৱাই ক’লে, “বুদ্ধ শাক্যমুনি।”

 কৃশাই বুদ্ধ শাক্যমুনিৰ ওচৰ পাই কাতৰস্বৰে ক’লে, “প্ৰভু, ভগৱান, মোৰ ল’ৰাটো বচোৱা – ঔষধ দিয়া!”

 বুদ্ধ শাক্যমুনিয়ে উত্তৰ দিলে, “মোক এমুঠি সৰিয়হৰ গুটি আনি দিয়া। এনে এঘৰৰপৰা সৰিয়হ আনিবা যাৰ ঘৰত কোনো আত্মীয়- স্বজনৰ বিয়োগ ঘটা নাই।”

 কৃশাই ঘৰে ঘৰে সৰিয়হ খুজি ফুৰিব ধৰিলে। তাইৰ প্ৰতি সকলোৰে কৰুণাপূৰ্ণ দৃষ্টি। সকলোৱে কয়, “নিয়া কিমান লাগে সৰিয়হৰ গুটি!” কিন্তু কুশাই, যেতিয়া সোধে, তেওঁলোকৰ পৰিয়ালত কোনো স্বজনৰ মৃত্যু ঘটিছে নে নাই, তেতিয়া সকলোৱে উত্তৰ দিয়ে, “মৰাৰ সংখ্যা জীয়াতকৈ বেছি। শোকৰ বুৰঞ্জীৰ আৰু পাত নেমেলাবা।” যি ঘৰত কোনো মানুহ মৰা নাই তেনে ঘৰ কুশাই বিচাৰি নেপালে।

 শোক আৰু নৈৰাশ্যত কাতৰ হৈ কুশাই ৰাজবাটৰ দাঁতিত বহি নগৰৰ ফালে চাই আছে। ঘৰে ঘৰে চাকি-বন্তি জ্বলি উঠিল, মাজনিশা আকৌ চাকি-বন্তি নুমাল। পৃথিৱী তমসাচ্ছন্ন। সেই এন্ধাৰৰ মাজত কুশাই পোহৰ দেখিলে।

 কৃশাৰ মনত পোহৰৰ ৰেখা পৰিল – “এই যে চাকি-বন্তিবোৰ জ্বলি উঠি আকৌ নুমাল, মানুহৰ জীৱনো তেনে নহয়নে? মানুহৰ জীৱন-শলিতা জ্বলি উঠে, আকৌ নুমায়। জীৱন-মৰণেই মানুহৰ ভাগ্যৰ দুপিঠি। মই তেনেহ’লে সন্তান-শোকত ইমান বিহ্বল কিয়? এইটো মোৰ স্বাৰ্থপৰতা।”

 তেতিয়া কুশাই মৰা ল’ৰাটো পুতি থৈ, শাক্যমুনি বুদ্ধৰ ওচৰলৈ আহি তেওঁত শৰণ ল’লে।