নৰকৰ গঢ় অতিশয় বৰ টান।
তাতেসে গৰুড়ে চড়ি কৰিল প্ৰয়াণ॥ ১৩॥
গৰুড়ৰ স্কন্ধে প্ৰকাশন্ত দেৱ হৰি।
বামে সত্যভামা দেবী পৰমা সুন্দৰী॥
পাঞ্চ জন্য শঙ্খক ফুঙ্কিলন্ত নাৰায়ণে।
আকাশত জয় জয় কৰে দেৱগণে॥ ১৪॥
নৰকৰ ৰাজ্য যাই পাইল দামোদৰ।
পৰম সঙ্কট তাৰ দুৰ্গম নগৰ॥
পৰ্ব্বতৰ গঢ়ে আছে চতুষ্পাশে বেড়ি।
তাহাৰ ভিতৰে অস্ত্ৰ গবে আছে যুৰি॥ ১৫॥
বায়ুক ছৰাই আৰু আছে এক গৰ।
ছয় পাশে জালা গান্ঠি আছে দৃঢ়তৰ॥
তাহাৰ ভিতৰে আছে নৰক দুৰ্জ্জয়।
দেখি সত্যভামাক বুলিলা কৃপাময়॥ ১৬॥
দেখিয়ে সুন্দৰী কেন নৰকৰ গৰ।
আতে থাকি পাপী কাকো নকৰয় ডৰ॥
অদিতী মাতৃৰ কাঢ়ি আনিল কুণ্ডল।
জগতৰে অপকাৰ কৰিল নিস্খল॥ ১৭॥
মাতৃৰ কুণ্ডল নিবো বধিয়া ইহাক।
পাৰিজাত পুষ্প আনি দিবোহো তোমাক॥
হেন শুনি সত্যভামা বুলিলা বচন।
বধিয়ো দুষ্টক সত্য কৰিও ৰক্ষণ॥ ১৮॥
সাম্ফলিলা হৰি পৃথিবীৰ বচনক।
তযু আজ্ঞাতেসে বধিবোহো নৰকক।
পৃষ্ঠা:নৰকাসুৰ বধ.djvu/৮
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ৬ )
