ভকত-বৎসল প্রভু দেৱ নাৰায়ণ।
কোন কালে নাসাধায় ভক্তৰ বচন॥ ১৯॥
সত্যভামা বসুমতি দিলা অনুমতি।
গদাধৰি যুদ্ধক সম্মুখ যদুপতি॥
গদাৰ প্রহাৰে ভাঙ্গি পৰ্ব্বতৰ গৰ।
অস্ত্ৰৰ যন্ত্রক অস্ত্রে নিল যম-ঘৰ॥ ২০ ॥
চক্র হানি বায়ু জল অগ্নিক শুষিলা।
খড়্গৰ প্ৰহাৰে ছয় পাশক ছেদিলা॥
পাঞ্চজন্য শঙ্খ ধ্বনি কৰি অতিশয়।
ভেদিলা সকল আনাে গৰ অস্ত্ৰচয়॥ ২১॥
গদাৰ প্ৰথাৰে ভাগিলন্ত গৰদ্বাৰ।
শঙ্খৰ ধ্বনিতে চিত্ত কাম্পিল সবাৰ॥
যুগান্ত কালৰ যেন বজ্ৰৰ আস্ফাল
শুনি মুৰ দানবৰ লড়িল কম্পাল ॥ ২২॥
পৰিখা জলত সিটো আছিলেক শুই ৷
চক্খায়া উঠি বসিলন্ত গিড়িশাই॥
কোনে জগাইলেক বুলি গর্জ্জয় অপাৰ।
তাহাক মাৰিয়া মই কৰিবো সংহাৰ॥ ২৩॥
প্রলয় কালৰ সূৰ্য্য অগনি পৰায় ।
শুলপাত ধৰি আছে চাহন নাযায়॥
পঞ্চ গােটা শিৰ তাৰ অনল পৰায়৷
তিনিও লােকক যেন গিলে সমুদায়॥ ২৪॥
গর্জন্তে খেদিয়া আসি পায়া মাধৱক।
যেন সর্প গােটে আসি ধাইল গৰুড়ক॥
পৃষ্ঠা:নৰকাসুৰ বধ.djvu/৯
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ৭ )
