সেহিটো নৰকাসুৰ ভৈলেক দুৰ্জ্জয়।
সেহি বেলা বসুমতি বুলিলা বিনয়॥ ৭ ॥
ৰজস্বলা কালে প্ৰভু কৰিলা শৃঙ্গাৰ।
এহি দোষে পুত্ৰ প্ৰভু হৈবে দুৰাচাৰ॥
তথাপিতো তাক নবধিবা নাৰায়ণ।
মোক যেবে দয়া আছে কমল নয়ন॥ ৮॥
হেন শুনি হাঁসি হৰি বুলিলা বচন।
নবধিবো ইটো যদি ৰাখে সাধুজন॥
নুহি যেবে মহন্তক কৰে অপকাৰ।
তোমাক কহিয়া তেবে কৰিবো সংহাৰ॥ ৯ ॥
সেহি বৰ ছিদ্ৰ আসি ভৈলা উপসন্ন।
নৰকক বধিবাক কৰিল যতন॥
পৃথিবীৰ অংশে সত্যভামা উতপতি।
এতেকেসে লগে লৈয়া গৈলা লক্ষ্মীপতি॥ ১০ ॥
আৰু হৰি বংশে হেন কথা আছে শুনি।
পাৰিজাত পুষ্প গোট আনি দেৱ মুনি॥
কৃষ্ণক দিলা আনি পৰম উৎসৱে।
সেহি পুষ্প ৰুক্মিণীক পিন্ধাইলা মাধৱে॥ ১১ ॥
হেন শুনি সত্যভামা ভৈল ৰুষ্ট মন।
মাধৱত ৰোষে অতি কৰিল ক্ৰন্দন॥
সেহি বেলা প্ৰবোধ বুলিলা চক্ৰপাণি।
নাকান্দিবা পাৰিজাত গছ দিবো আনি॥ ১২॥
সেহি অঙ্গীকাৰ পালিবাক দেৱ হৰি।
তাতে সত্যভামাক নিলন্ত সঙ্গে কৰি॥
পৃষ্ঠা:নৰকাসুৰ বধ.djvu/৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ৫ )
