পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১৭ )

দণ্ডৱতে পৰি, নমস্কাৰ কৰি,
 চাহি আছে ৰঙ্গ মনে॥
সজল জলদ, তনু মনোহৰ,
 শোভে চাৰু পীত বাস।
কমল নয়ন, প্ৰসন্ন বদন,
 প্ৰকাশে ঈশত হাস॥ ৭০॥
কিৰীটি কুণ্ডল, কৰে ঝল মল,
 চৰণে নুপুৰ ঘোষ।
জগত-মোহন, ভুবন বন্দন,
 দেখন্তে মিলে সন্তোষ।
কৃষ্ণৰ স্বৰূপ, চৰিত্ৰ দেখিয়া,
 মনে গুণে কন্যাগণে॥
কিনো পূণ্য হেন, আমাৰ মিলিল,
 আসিল কৃষ্ণ আপুনে॥ ৭১॥
পৰম অৰিষ্ট, প্ৰাণ দেৱ কৃষ্ণ,
 মিলাইল বিধি আনিয়া।
হেন কৃষ্ণ আবে, স্বামী হোৱন্তোক,
 কৰিওক আবে দয়া॥
স্বপ্নে জ্ঞানে যেবে, ইহাঙ্কেসে আমি,
 বৰি আছো স্বামী কৰি।
তেবে দাসি কৰি, আমাক এখনে,
 নেহন্তোক প্ৰাণ হৰি॥৭২॥
কৃষ্ণ হৈবা স্বামী, কৃষ্ণ হৈবা স্বামী,
 এহি বুলি গাৱে গাৱে।