পৃষ্ঠা:নৰকাসুৰ বধ.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১৮ )

সকল সুন্দৰী, হৃদয়ত ধৰি,
 বুলিলন্ত ভাৱে ভাৱে॥
তাসম্বাৰ হেন, বিনয় দেখিয়া,
 তুষ্ট ভৈল শ্ৰীনিবাস।
কটাক্ষ নয়নে, হাসিত বদনে,
 কৰিল প্ৰভু আশ্বাস॥ ৭৩॥
নানা দিব্য বস্ত্ৰ, অলঙ্কাৰ যত,
 দিলন্ত কৃষ্ণে সবাক।
মহা চতুৰ্দ্দোলে, মাধৱে সবাক,
 পঠাইলন্ত দ্বাৰকাক॥
শতাধিক ষোল, হাজাৰ কুমাৰী,
 চলি গৈল চতুৰ্দ্দোলে৷
দিব্য অলঙ্কাৰ, তনু জাতিষ্কাৰ,
 তাৰাগণ যেন চলে॥ ৭৪॥
মহাৰত্ন যত, ধন অসংখ্যাত,
 ভণ্ডাৰৰ ভাল চাই।
ৰথ গজ বাজী, দ্বাৰকাক লাগি,
 দিলন্ত কৃষ্ণে পঠাই॥
ঐৰাৱত বংশে, উপজিল যিতো,
 সব শুৰু চতুৰ্দ্দন্ত।
চাৰি ধিক যাঠি, ময়মত্ত হস্তী,
 তাকো কৃষ্ণে পঠাইলন্ত॥

____