পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১৬ )

পৃথিবী হেন, কৰুণা শুনিয়া,
 কৃষ্ণৰ দ্ৰবিল চিত্ত॥
নাহি ভয় বুলি, হাসি বনমালি,
 কৰিল বহু আশ্বাষ।
ভগদত্ত মাথে, নিয় নিজ হাতে,
 আশ্বাসি জগ নিবাস॥৬৭॥
ভূমিক অভয়, দিলা কৃপাময়,
 পশিলা অন্তষ পুৰ।
নৰক ৰাজাৰ, গৃহ জাতিষ্কাৰ,
 প্ৰকাশে ৰত্ন প্ৰচুৰ॥
দেৱা সুৰ সিদ্ধ, গন্ধৰ্ব্ব ৰাজাৰ,
 নবীন দিব্য কুমাৰী।
শতধিক ষোল, হাজাৰ কুমাৰী,
 নৰকে আনিছে হৰি॥ ৬৮॥
অন্তেষ পুৰত, থৈয়া আছে তাক,
 অনেক অতি যতনে।
সিতো কন্যাগণে, কৃষ্ণকেসে চিন্তি,
 বৰি আছে স্বামী মনে॥
তাসম্বৰ এক, ভকতি জানিয়া,
 ভকত বৎসল হৰি।
নিজ কৃপাগুণে, প্ৰবেশ ভৈলন্ত,
 মধুৰ মুৰুতি ধৰি॥ ৬৯॥
দেখি কন্যাগণ, চকিত নয়ন,
 উঠিলন্ত তাৱক্ষণে।