কোপে অপমানে তাৰ নসহে শৰীৰ।
কৃষ্ণক যুঝিবে চলি গৈল মহা বীৰ॥ ৩৭॥
ঐৰাৱত হস্তীৰ বীৰ্য্যত ভৈলা জাত।
চন্দ্ৰসম শুক্লবৰ্ণ পৰ্ব্বত সাক্ষাত॥
সবে চতুৰ্দ্দন্ত হৃষ্ট পুষ্ট মহাবলী॥
চাৰিধিক ষষ্টি গোট হস্তী গৈল চলি॥ ৩৮॥
সবে মদমত্ত, মদ জলে নদী বহে।
চলিল নৰকাসুৰ যুদ্ধক উৎসাহে॥
আনো অসংখ্যাত হয় হস্তী সেনা ৰথ।
নৰকক বেড়ি সবে চলিল আগত॥ ৩৯॥
মাধৱক যাই সবে দেখিল ৰণত।
চৰিয়া আছয় হেমময় গৰুড়ত॥
বামে সত্যভামা সতী কৰন্ত প্ৰকাশ৷
হাতত সাৰঙ্গ গদা মুখে অল্প হাস॥ ৪০॥
সূৰ্য্যসম কৰে যেন দেখিয়া শোভন।
থিৰ বিদ্যুতিকা সমে যেন মেঘগণ॥
ত্ৰৈলোক্য মোহন হৰি মূৰতি মধুৰ।
দেখি ক্ৰোধে কাম্পে অতি অধিকে অসুৰ॥ ৪১॥
দান্ত কামুড়িয়া মহা গজ-স্কন্ধে চৰি।
মাধৱক শকতি হানিল দৃঢ় কৰি॥
তাৰ লগে বাৰ যত আহল সুঝিবাক।
সবে এক জোপে মাৰিলেক শৰ ঝাক॥ ৪২॥
দেখিয়া ঈষৎ কৰে দেৱ দামোদৰে।
সমস্তে অস্ত্ৰক ছেদিলন্ত নিৰন্তৰে॥
পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১০ )
