নৰকৰ লগে সেনা আসি আছে মানে।
একেবাৰে সবাকো ভেদিলা নাৰায়ণে॥ ৪৩ ॥
চিত্ৰ বিচিত্ৰ সব মাধৱৰ শৰ।
বিচিত্ৰ পখাই ছাই আছে মনোহৰ॥
ক্ষুৰতো অধিক শৰ বায়ুবেগে ছুটি।
উৰু শিৰ কাটি কাটি ফুটে চট ছটি॥ ৪৪॥
হাত পাৱ গাৱ সব পেলাইলেক ছেদি।
সেনাৰ শোণিতে যেন বহি যায় নদী॥
তিলেকতে হয় হস্তী ৰথ সেনা যত।
চুৰ্ণাকৃত ভৈলা সবে কৃষ্ণৰ শৰত॥ ৪৫॥
যত অস্ত্ৰ শস্ত্ৰ প্ৰহাৰয় বীৰ গণে।
আপোনাৰ তীক্ষ্ণশৰ হানি নাৰায়ণে॥
একো একো শৰক কৰিল তিনি খান।
নৰকৰ দেখি আতি কম্পি গৈল প্ৰাণ॥ ৪৬॥
চাৰি ধিক বাটি গোটা হস্তী মদমত্ত।
নৰকক ঢাকি সবে যুঝয় আগত॥
খেদি গৈলা গৰুড়ে দিলন্ত পখা ছাত।
ৰতিহত হুয়া বাজু ভাঙ্গিদিলে ফাট॥ ৪৭॥
মুণ্ডে তুণ্ডে তীক্ষ্ণ নখে কৰিল বিদাৰ।
চিৱৰিয়া হস্তী গণে দেখি অন্ধকাৰ॥
মাহুতক পেলাই সবে পশিলা নগৰ।
যুদ্ধত নৰক থাকি গৈলা একেশ্বৰ॥ ৪৮॥
আপোনাৰ সেনা যত পলাইল সকল।
গৰুড়ৰ ছোটে হস্তী তেখনে পলাইল॥
পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ১১ )
