পৰ্ব্বত আকাৰ দেহা পৰিল নিঢালে।
হুল স্থুল লাগি গৈলা পৃথিবী পাতালে॥ ৩১
কৃষ্ণত চক্ৰত মুৰ পড়িলেক যেবে।
সাত গোট পুত্ৰে তাৰ শুনিলেক তেবে॥
পিতৃ বধ শুনি শোকে শালিল হৃদয়।
কৃষ্ণক যুজিবে সবে কৰিল নিশ্চয়॥ ৩২॥
তাম্ৰ, অন্তৰীক্ষ, বসু, নভস্মান, শ্ৰবণ।
বিভাবসু, বৰুন অসুৰ সাতোজন॥
পিঠ নামে সেনাপতি তাক আগকৰি।
নৰকৰ আদেশে লড়িল দড়দড়ি॥ ৩৩॥
অস্ত্ৰধৰি যুদ্ধত ভৈলেক অগ্ৰসৰ।
কৃষ্ণক বেড়িয়া কৰে শৰৰ প্ৰহাৰ॥
মহা ক্ৰোধে দৃষ্টি বেড়ি কৰে শৰ বৃষ্টি।
শূল শক্তি গদা জাঠি হানে ক্ৰোধ দৃষ্টি ॥ ৩৪॥
ঢাকিলেক শৰে নাদেখিয়া নিৰন্তৰ।
দেখিয়া সাৰঙ্গ ধৰি ধাইলা দামোদৰ॥
নিজ শৰে ঢাকি অসুৰৰ শৰ মানে।
তিল সম কৰি কাটিলন্ত তেতিক্ষণে ॥ ৩৫॥
পিঠ আদি কৰি যত যুঝে বীৰগণে।
একে বাৰে সবাকো তাৰিল নাৰায়ণে॥
হাত পাৱ শিৰ কন্ধ ছেদিল শৰীৰ।
সবেও মৰিয়া গৈল যমৰ মন্দিৰ॥ ৩৬॥
নৰকে দেখিলা মোৰ সেনাপতি মানে।
মাধৱৰ শৰে সব গৈল যম থানে॥
পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ৯ )
