পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিৰুতা মানুহৰ কথা।

 আমাৰ দেশৰ তিৰুতা মানুহবিলাকে লেখা পঢ়া শিকিবলৈ ধৰিছে। আগৰ মানুহবিলাকে তিৰুতাক পঢ়ালে বাঁৰি হয় বুলি নপঢ়াইছিল। কিন্তু এতিয়া সেইটো সন্দেহ গুছিছে। অনেক ঠাইতে পঢ়াশালী হৈছে ও সকলোয়ে শিক্ষা কৰিছে। আমাৰ দেশত সুমিলা নামে এজনী ছোৱালী আছিল তেওঁৰ মাক বাপেকৰ তেঁও ব্যতীত অন্য লৰা ছোৱালী নাছিল তেঁও বৰ আদৰৰ আছিল। তথাপি তেঁও উত্তম লেখা পঢ়া আৰু বব কাটিবলৈ শিকিছিল। সেই ছোৱালীজনীকে দেখি গাঁওৰ অনেক ছোৱালীয়ে লেখা পঢ়া শিকিবলৈ ধৰিলে। সেই ছোৱালী জনীক উপযুক্ত সময়ত বিয়া দিয়াত তেঁও অতি স্বামীপ্ৰিয়া হৈছিল। মাক বাপেকে ও গাঁওৰ মানুহে তেঁওৰ স্বভাব দেখি অতি সন্তোষ পাইছিল।

 জ্ঞান আৰু তাৰ অনুষ্ঠান সকলো মানুহৰ বৰ উপকাৰ কৰে। এই দুটী গুণ নাথাকিলে কোনো মানুহকে যথাৰ্থ মানুহ বোলা নাযায়। সেই কাৰণে কি তিৰুতা কি মুনিহ সকলোয়ে সেই দুটী গুণ পাবলৈ চেষ্টা কৰা উচিত। কেবল জ্ঞান থাকিলেই যে মানুহৰ সম্মান ৰয় এনে নহয়। অনুষ্ঠানো তাৰ লগতে লাগে। মানুহে উপমা দি কয়, এই মানুহ জনী যেন জ্ঞান নোহোৱা পশুৰ দৰে। কিন্তু তোমালোকে ভাবি চোৱাচোন পশুৰ কেনে জ্ঞান। পৰমেশ্বৰে সিহঁতক সৃজন কৰি যি ঠাইত থাকিব দিছে তাতেই আছে, যি বস্তু খাব দিছে তাকেই খাইছে, যেনেকৈ মাতিবলৈ শক্তি দিছে সেই দৰেই মাতি বুলি থাকে। নিৰ্ব্বোধ মানুহে সিহঁতক ধৰি মাৰি