সময়ত এটা পৰ্ব্বতৰ গুহা পাই ভাবিলে, “অবশ্য ৰাতি কোনো জন্তু
আহি থাকে। এতেকে মই এই গুহাতে লুকাই থাকোঁ।” এনে
সময়তে গহ্বৰ স্বামী দধিপুচ্ছ নামে শিয়াল উপস্থিত হল। সি
দেখিলে সিংহৰ ভৰিৰ চিন গুহাত আছে। কিন্তু বাহিৰ হোৱাৰ
চিন নাই। তাৰ পাছত সি চিন্তা কৰিলে, “হা হতোস্মি, নিশ্চয়
এই গহ্বৰত সিংহ আছে। এতিয়া মই কি উপায়ে জানিব পাৰিম?
এই ৰূপে চিন্তা কৰি শিয়ালে সম্বোধন কৰি মাতিলে, “হে গহ্বৰপতি,
হে গহ্বৰপতি” এই বুলি মনে মনে থাকিল। পুনৰায় কবলৈ
ধৰিলে “তোমাৰে মোৰে যি নিয়ম আছি তাক তুমি পাহৰিলা
নে? মই আহি তোমাক মাতিলে তুমি আহ্বান কৰিবা। যদি
তুমি নামাতা তেন্তে মই আন গহ্বৰলৈ যাও। এই শুনি সিংহে
ভাবিবলৈ ধৰিলে নিশ্চয় এই গহ্বৰে সমাগতক আহ্বান কৰি
থাকে। বোধ হয় মোৰ ভয়ত আজি একো কোৱা নাই, এতেকে
মই ইয়াক মাতোঁ কাৰণ শব্দ অনুসাৰে শিয়াল ভিতৰত সোমালেই
মই খাম। এই স্থিৰ কৰি শিয়ালক মাতিবলৈ ধৰিলে। পাছে
সিংহৰ শব্দত সেই গুহা প্ৰতিধ্বনিত হৈ দূৰৈত থকা বনৰীয়া জন্তু
বিলাকক ভয়াকুল কৰিলে। আৰু শিয়ালে পলাওতে এই শ্লোক
কৈ গল।
যি লোকে ভাবী অনিষ্টৰ প্ৰতিবিধানৰ চেষ্টাু কৰে সি নিৰাপদে কাল কটায়, আৰু যি লোকে তেনে নকৰে সি বিপদত পৰি বন্ধুবৰ্গৰ শোককৰ হয়। এই অৰণ্যত থাকি মই বৃদ্ধ হলোঁ কিন্তু কেতিয়াও গহ্বৰৰ কথা শুনা নাই।