পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
তিৰুতা মানুহৰ কথা।


দুঃখ দিয়ে। সিহঁতে আপোনাৰ জাতিৰ মাজত ঈশ্বৰৰ আজ্ঞাৰ বিপৰীতাচৰণ কৰিবলৈ দে খছানে? সিহঁতে অবশ্যে ঈশ্বৰৰ আজ্ঞা পালন কৰিছে। সেই কাৰণে সিহঁতকো এক প্ৰকাৰ জ্ঞানী বুলিব পাৰি। তোমালোক সিহঁততকৈ শ্ৰেষ্ঠ। সহঁত জন্তু হৈও এনে জ্ঞান লাভ কৰিব পাৰিছে তোমালোকে অবশ্য সিহঁততকৈ অধিক জ্ঞান লাভ কৰিব পাৰা। পাপ কথাক মনত ঠাই দিব নালাগে মিচা কথা কব নালাগে। সেই বিলাক কৰিবলৈ ঈশ্বৰে কেতিয়াও নিয়ম দিয়া নাই। অজ্ঞানতাই পাপৰ মূল, অজ্ঞানী মানুহে পাপক কুকৰ্ম্ম বুলি নাজানে। নতুবা চোৰবিলাকে উপযুক্ত শাস্তি পাই আৰু চুৰ নকৰিলে হেঁতেন। ই কি আশ্চৰ্য্য কথা অনেকে পাপলৈ ভয় নকৰে। কতই আপোনাৰ লৰা তিৰুতাক খেদাই দি পৰৰ ঘৰত খুজি মাগি খাই ফুৰে। এইবোৰে ঈশ্বৰৰ নিয়ম ভঙ্গ কৰে। দেখা পক্ষীবিলাকৰ কেনে জ্ঞান, সিহঁতৰ মাজত দম্পতিৰ স্নেহ মানুহতকৈও অধিক।

সম্পূৰ্ণ।