পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
নীতি কথা।


কলে, “মহাৰাজ! এই পক্ষীৰে কি উপকাৰ হব? ব্যাধৰ কথা বিশ্বাস কৰা উচিত নহয়। পক্ষীৰ বিষ্ঠাৰে কেতিয়াবা সোণ হয় নে? এতেকে ইয়াক সজাৰ পৰা মুক্ত কৰি দিয়া হক।” মন্ত্ৰীৰ এই কথা শুনি নৃপতিয়ে পক্ষীক মুক্ত কৰি দিলে। পক্ষীয়ে মুক্ত হৈ ওপৰলৈ উঠি এই বুলি এটা শ্লোক কৈ সোণময় বিষ্ঠা পৰিত্যাগ কৰি গল। প্ৰথম মই মূৰ্খ, দ্বিতীয় ব্যাধ মূৰ্খ, তৃতীয় ৰজা মূৰ্খ, চতুৰ্থ মন্ত্ৰী মূৰ্খ, সকলোয়েই মূৰ্খ।

সিংহ আৰু শৃগাল।

 কোনো এখন অৰণ্যৰ ভিতৰত খৰণক নামে এটা সিংহ বাস কৰিছিল। সি এদিন আহাৰ বিচাৰি ইফালে সিফালে ভ্ৰমণ কৰি ফুৰিছিল। কিন্তু এটী জন্তুকো নাপালে। এই দৰে ফুৰি ফুৰি গধুলি