তেতিয়া কৃষকে কলে, “হয়, মোৰ যথাৰ্থ বোধ হৈছে তুমি যি যি
কৈছা সি সকলোয়েই সঁচা। কিন্তু যি আমাৰ শস্য নষ্ট কৰে,
তোমাক সিহঁতৰ লগত ধৰিছোঁ। যাৰ লগত ধৰা পৰিছা, সিহঁতৰ
লগত সমান শাস্তি ভোগ কৰিব লাগিব।”
অসৎ সঙ্গৰ অশেষ দোষ। যথাৰ্থ সাধুও সঙ্গদোষত বিপদত পড়ে।
⸻
মিলনৰ ফল।
এক গৃহস্থৰ চাৰি পাঁচ পুত্ৰ আছিল। এই সন্তান বিলাকৰ মিল নাছিল। সিহঁতে সদাই বিবাদ কৰে। গৃহস্থে সদাই সিহঁতক বুজায়, কিন্তু এটী লৰাইও তেওঁৰ কথা নুশুনে। তেতিয়া তেঁও এই স্থিৰ কৰিলে যে কেৱল কথা নকৈ দৃষ্টান্ত দেখুৱাই বুজালে ইহঁত দ্বন্দৰ পৰা ক্ষান্ত হব পাৰে। পাছত তেঁও লৰাহঁতক ওচৰলৈ মতাই আনিলে, আৰু কিছুমান খাগৰি আনি আটী বান্ধিবলৈ কলে। সিহঁতে তৎক্ষণাৎ সেইৰূপ কৰিলে। তেঁও ডাঙ্গৰ লৰাটীক কলে, “বাপা! এই খাগৰিৰ আটীটো ভাঙ্গি পেলোৱা।” সি দুইও হাতে ধৰি তাক ভাঙ্গিবলৈ বিস্তৰ চেষ্টা কৰিলে, কিন্তু একো কৰিব নোৱাৰিলে।
এইৰূপে গৃহস্থই সকলো পুত্ৰক কলে। সিহঁতে কোনেও বিস্তৰ চেষ্টা কৰিও ভাঙ্গিব নোৱাৰিলে। তেতিয়া তেঁও এজন পুত্ৰক খাগৰিৰ আটী মেলি এডাল হাতত লৈ ভাঙ্গি পেলাবলৈ