পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
সঙ্গ ফল।


বন্ধু সকল! আমালোকে যিমান ভয় কৰিছোঁ আৰু যিমান নিৰুপায় ভাবি আছোঁ তিমান কৰা উচিত নহয়। তোমালোক ইয়ালৈ আহি আৰু কিছুমান ক্ষীণজীবী প্ৰাণী দেখিলে জানিবা ইহঁত আমাতকৈও ভীৰু স্বভাব।

 নিজৰ অবস্থা বেয়া বুলিবৰ পূৰ্ব্বে আনৰ অবস্থা জনা ভাল।

সঙ্গ ফল।

 কেতবিলাক বগলীয়ে প্ৰতিদিন এখান পথাৰৰ শস্য নষ্ট কৰি যায়। তাকে দেখি কৃষকে বগলী ধৰিবলৈ পথাৰত জাল পাতিলে। পাছত সি জাল চাবলৈ আহি দেখিলে কেতবোৰ বগলী জালত পৰি আছে। সিহঁতৰ লগতে আন এটা চৰাইও জালত পৰিল। সেই পক্ষীয়ে কৃষকক কলে, “ভাই কৃষক! মই বক নহঁও, ম‍ই তোমাৰ শস্য নষ্ট কৰা নাই, মোক এৰি দিয়া। তুমি বিবেচনা কৰি দেখাচোন, মোৰ একে৷ অপৰাধ নাই। যত পক্ষী আছে সকলোতকৈ মই ধৰ্ম্মপৰায়ণ। মই কেতিয়াও কাৰো অপকাৰ কৰা নাই। মই বুঢ়া পিতৃমাতৃক অত্যন্ত সন্মান কৰোঁ আৰু নানা ঠাইত ভ্ৰমণ কৰি প্ৰাণপণে তেওঁলোকৰ ভৰণ পোষণাদি কৰোঁ।”