পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ব্ৰাহ্মণ আৰু সৰ্পৰ উপাখ্যান।


কলে। সি তৎক্ষণাৎ ভাঙ্গি পেলালে। তেতিয়া গৃহস্থে পুত্ৰ বিলাকক কলে,

 “এইৰূপে যিমান দিন তোমালোকে একেলগে থাকিবা শত্ৰুয়ে তোমালোকক একো অপকাৰ কৰিব নোৱাৰিব ”

ব্ৰাহ্মণ আৰু সৰ্পৰ উপাখ্যান।

 কোনো এখন নগৰত হৰিদত্ত নামে এটী ব্ৰাহ্মণ বাস কৰিছিল। সদাই তাৰ ক্ষেতি নিষ্ফল হয়। কিছু দিনৰ পাছত সি ৰদত আহি এজোপা গছৰ তলত শুলে। ওচৰৰ উঁই টিলাৰ ওপৰত এটা ভয়ানক সৰ্প দেখা পাই সি ভাবিবলৈ ধৰিলে, “ই নিশ্চয় ক্ষেত্ৰ দেবতা, মই কেতিয়াও ইয়াৰ পূজা কৰা নাই, সেই কাৰণেই মোৰ ক্ষেতি নিস্ফল হয়। এতৈকে আজি মই ইয়াৰ পূজা কৰিম।” এই মনত নিশ্চয় কৰি, কিছুমান গাখীৰ আনি বল্মীকৰ ওচৰলৈ গৈ কলে, “হে প্ৰভো! ক্ষেত্ৰ ৰক্ষক, মই ইমান দিনে জনা নাই যে তুমি ইয়াত থাকা, সেই