পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতি কথা ৷


যে তোমালোকে আজিৰ পৰা আপোন আপোন নেগুৰ কাটি পেলোৱা। নেগুৰ নথকাত কত সুখ তেতিয়া বুজিব পাৰিবা।”

 এই প্ৰস্তাব শুনি এটা বুঢ়া শিয়ালে আগ বাঢ়ি নেজ নোহোৱা শিয়ালক সম্বোধন কৰি কলে, “ভাই! তোমাৰ লেজ ফিৰাই পাবৰ কোনো সম্ভাবনা থকাহলে তুমি কেতিয়াও আমাক লেজ কাটিবলৈ পৰামৰ্শ নিদিয়া।”

নিজ অবস্থা চোৱা ভাল।

 এঠাইত কেতবিলাক শহা বাস কৰিছিল। ক্ষীণকায় শহাবিলাকে শত্ৰু বিলাকৰ উৎপীড়নত অনেক যাতনা ভোগ কৰি আছিল। এদিন সিহঁতে পৰামৰ্শ কৰি স্থিৰ কৰিলে, “আমাৰ প্ৰাণ ৰক্ষাৰ একো উপায় নাই, এতেকে প্ৰাণত্যাগ কৰাই শ্ৰেয়ঃ।” এই প্ৰতিজ্ঞা কৰি ওচৰৰ হ্ৰদত জাপ মাৰি প্ৰাণ ত্যাগ কৰিবৰ মানসে সকলোয়ে মিলি তাত উপস্থিত হল। সেই হ্ৰদৰ তীৰত কেতবিলাক বেং আছিল। সিহঁতে শহাবোৰ ওচৰ হোৱা মাত্ৰেই ভয়ত নিতান্ত ব্যাকুল হৈ পানীত জাপ মাৰি পৰিল। তাকে দেখি সকলোৰে অগ্ৰসৰ শহাই সহচৰ বিলাকক কলে, “হে