পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
দুষ্টে আনকো তাৰ দৰে হবলৈ বাঞ্ছে


সিহঁতৰ ৰক্ষক নোহোৱাত বাঘে অকাতৰে সিহঁতৰ প্ৰাণ সংহাৰ কৰি ইচ্ছা মতে উদৰ পূৰ্ণ কৰিলে।

 শত্ৰুৰ কথাত ভোলগৈ হিতৈষী বন্ধুক দূৰ কৰি দিলে নিশ্চয় বিপদ ঘটে।

দুষ্টে আনকো তাৰ দৰে হবলৈ বাঞ্ছে।

 কোনো এসময়ত এটা শিয়াল জালত পৰিল। যি সকলে জাল পাতিছিল তেঁওলোকে তাৰ প্ৰাণ বধ কৰিবৰ উদ্যোগ কৰিলে কিন্তু তাৰ কাতৰতা দেখি প্ৰাণ বধ নকৰি লেজ কাটি এৰি দিলে। শিয়ালৰ এইৰূপে প্ৰাণ বাচিল হয়, কিন্তু লেজ নথকাত স্বজাতি বিলাকৰ ওচৰত যে অপমান বোধ হব তাক ভাবি মনে মনে কলে লেজ যোৱাতকৈ মোৰ প্ৰাণ যোৱা ভাল আছিল।”

 পৰিশেষত এই অপমান সংশোধন কৰি লবৰ নিমিত্তে সকলো শিয়াল বিলাকক গোটাই কলে, “দেখা ভাই সকল! মোৰ ইচ্ছা যে তোমালোকেও মোৰ নিচিনাকৈ নেগুৰ কাটি পেলোৱা। নেগুৰ নথকাত মই এতিয়া কেনেকৈ সুন্দৰ মতে ফুৰিব পাৰিছোঁ। তোমালোকে কোনেও তাক অনুভব কৰিব পৰা নাই। পৰীক্ষা কৰি নেদেখা হলে, বোধ হয় মইও কেতিয়াও বিশ্বাস কৰিব নোৱাৰিলোঁ হেঁতেন। বিবেচনা কৰি চালে লেজ থকাত অতি কুৰূপ দেখা যায়। অতিশয় অসুবিধা আৰু অনৰ্থক ভাৰ লৈ ফুৰা মাত্ৰ লাভ। মোৰ আশ্চৰ্য্য বোধ হৈছে যে আমি ইমান দিন লেজ ৰাখিছোঁ কিয়; হে বন্ধু সকল! মই স্বয়ং অতিশয় উপকাৰ বোধ কৰিছোঁ, এতেকে তোমালোকক পৰামৰ্শ দিছোঁ