পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
নীতি কথা।


 কৃষকৰ মৃত্যুৰ পাছত সিহঁতে গুপ্ত ধনৰ লোভত সেই ঠাইবোৰ খনি পেলালে। কিন্তু সিহঁতে অনেক পৰিশ্ৰম কৰিও গুপ্তধন নাপালে। কিন্তু এই সকল স্থান খনোতে সেই বছৰত ইমান শস্য হল যে গুপ্তধন নাপালেও সিহঁতৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ হল।

শত্ৰুৰ মন্ত্ৰণা শুনা অনুচিত।

 কোনো এঠাইত এজাক মেষ চৰি আছিল। কেইটামান কুকুৰে সিহঁতক ৰক্ষা কৰি আছিল। কুকুৰৰ ভয়ত ঢেকিয়া পৰিয়া বাঘে মেষবিলাকক আক্ৰমণ কৰিব নোৱাৰিলে। এদিন বাঘে পৰামৰ্শ কৰিলে যে এই কুকুৰ থাকিলে মেষবোৰক একো কৰিব নোৱাৰিম। কোনো কৌশলেৰে ইয়াক দূৰৈ কৰিব পাৰিলে ভাল। এতেকে কেনেকৈ ইয়াক মেষবিলাকৰ ওচৰৰ পৰা খেদাও ইয়াৰ উপায় কৰা উচিত।

 এই স্থিৰ কৰি বাঘে মেষবিলাকলৈ কৈ পঠিয়ালে, “আহাঁ আমালোকে মিত্ৰতা কৰোঁ, কিয় চিৰকাল বিৰোধ কৰি মৰোঁ? যি সকল কুকুৰে তোমালোকক ৰক্ষা কৰি আছিল, সিহঁতেই এই সমস্ত বিবাদৰ মূল। সিহঁতে সদাই শব্দ কৰে তাতেই আমাৰ বিষম কোপ ওপজে। সিহঁতক বিদায় কৰি দিয়া, তেনেহলে চিৰকাল আমাৰ মিত্ৰতা থাকিব।” নিৰ্ব্বোধ মেষবিলাকে এই কুমন্ত্ৰণা শুনি কুকুৰবিলাক বিদায় কৰি দিলে। এইৰূপে