পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাণৰ ভয়ৰ কাৰ্য্য।

 কোনো এখান অৰণ্যত এটা শিকাৰী কুকুৰ এটা শহাপহু শিকাৰ কৰিবৰ নিমিত্তে তাৰ পাছে পাছে গৈছিল। শহাই প্ৰাণৰ ভয়ত ইমান বেগাই যাবলৈ আৰম্ভ কৰিলে যে কুকুৰে প্ৰাণপণেও লৰি গৈ তাক ধৰিব নোৱাৰিলে। শহা একেবাৰে দৃষ্টিৰ অগোচৰ হৈ গল। এটা গৰখীয়াই এই ধেমালি দেখি সি তাক উপহাস কৰি কলে, “আশ্চৰ্য্য! শহা অতি ক্ষীণ জন্তু হৈও বেগত কুকুৰক পৰাভব কৰিলে।” এই কথা শুনি কুকুৰে কলে, “ভাই! প্ৰাণৰ ভয়ত লৰি অহা আৰু আহাৰৰ নিমিত্তে লৰি যোৱা কিমান বেলেগ তুমি তাক না জানা।”

শ্ৰমৰ ফল।

 এটা কৃষকে কৃষিকৰ্ম্মৰ কৌশল ভাল জানে। সি মৃত্যুৰ আগেয়ে আপোনাৰ পুত্ৰবিলাকক এই সমস্ত কৌশল শিকাবৰ নিমিত্তে সিহঁতক আহ্বান কৰি কলে, “হে পুত্ৰ মই এতিয়া ইহলোকৰ পৰা প্ৰস্থান কৰোঁ। মোৰ যি কিছু ধন বস্তু আছে অমুক অমুক ঠাইত অনুসন্ধান কৰিলে পাবা।” লৰাবিলাকে ভাবিলে এই সকল স্থানত পিতৃৰ গুপ্ত ধন আছে।