পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
নীতি কথা।


আহি সুধিলে, “বন্ধো! ভালুকে তোমাক কি সুধিলে? নই দেখিলোঁ সি তাৰ মুখ তোমাৰ কাণৰ ওচৰত অনেক সময় ৰাখিছিল।” সি কলে, “বন্ধো! ভালুকে মোক এই কথা কৈ গৈছে যি বন্ধুয়ে বিপদৰ সময়ত এৰি পলায়, জন্মাবচ্ছিন্নে আৰু তাক বিশ্বাস নকৰিবা।”

 

বলী নিৰ্ব্বলীৰ কিহৰ সমান।

 এটা সিংহ এটা গাধ আৰু এটা শিয়াল একেলগে তিনিও জনে শিকাৰ কৰিবলৈ গৈছিল। শিকাৰ কৰা সমাপ্ত হোৱাৰ পাছত সিহঁতে যথাযোগ্যমতে শিকাৰ কৰা বস্তু ভাগ কৰি লৈ ইচ্ছামতে আহাৰ কৰিবলৈ মন কৰিলে। তেতিয়া সিংহই গাধক ভাগ কৰিবলৈ আজ্ঞা দিলে। তদনুসাৰে গাধই সমান ভাগ কৰি স্বীয় সহচৰ দুজনক এভাগ এভাগ লবলৈ কলে। তাতে সিংহই কুপিত হৈ গাধক খণ্ড খণ্ড কৰি, শিয়ালক ভগাবলৈ দিলে। শিয়াল অৰ্তি ধূৰ্ত্ত, গাধৰ নিচিনা নিৰ্ব্বোধ নহয়। সি সিংহৰ অভিপ্ৰায় বুজিব পাৰি, সিংহৰ ভাগত বেশী আৰু তাৰ ভাগত অলপ ৰাখিলে। তেতিয়া সিংহই সন্তুষ্ট হৈ কলে। “সখে! কোনে তোমাক এনে ন্যায় ভাগ কৰিবলৈ শিকালে” শিয়ালে কলে, “গাধৰ দশা স্বচকুৰে দেখিলোঁ, তেতিয়া আৰু অন্যে শিকোৱাৰ প্ৰয়োজন কি?”