সমললৈ যাওক

পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপদৰ বন্ধু।

 দুজন বন্ধুয়ে এটা বাটে গৈছিল। দৈবাৎ এটা ভালুক সেই ঠাইত উপস্থিত হলহি। বন্ধু দুজনৰ ভিতৰত এজনে ভালুকৰ ভয়ত ব্যাকুল হৈ ওচৰৰ গছ এজোপাত উঠিল।

 

কিন্তু ই জন বন্ধুৰ কি দশা ঘটিব সি এফেৰিও ভাবি না চালে। ইজনে একো উপায় নাপাই আৰু অকলে ভালুকৰ লগত যুদ্ধ কৰা দুঃসাধ্য ভাবি মৰাৰ নিচিনা হৈ পৰি থাকিল। কাৰণ সি পূৰ্ব্বে শুনিছিল যে ভালুকে মৰামানুহ নোচোয়ে।

 

 ভালুক আহি তাৰ নাক, কাণ, মুখ, বুকু প্ৰভৃতি পৰীক্ষা কৰি আৰু তাক মৰা নিশ্চয় কৰি গল। ভালুক যোৱাৰ পাছত আন জন বৃক্ষৰ পৰা নামি বন্ধুৰ ওচৰলৈ