পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংহতি কাৰ্য্য সাধিকা।

 কোনো এক সময়ত হাত, ভৰি প্ৰভৃতি অঙ্গ সকলে মিলি এই পৰামৰ্শ কৰিবলৈ ধৰিলে, “দেখা ভাই সকল! আমি সকলোয়ে সদাই পৰিশ্ৰম কৰোঁ, কিন্তু উদৰক কোনেও কেতিয়াও পৰিশ্ৰম কৰা দেখা নাই। উদৰে সদাই নিশ্চিন্ত হৈ থাকে, কেৱল আমিহে প্ৰাণপণে যত্ন কৰি তাৰ ভৰণ পোষণাদি কৰি থাকোঁ। সি সদাই এলাহত কাল হৰণ কৰে তাক আমি পৰিশ্ৰম কৰি কিয় পোহোঁ। এতেকে আহা সকলোয়ে প্ৰতিজ্ঞা কৰো আজিৰ পৰা আমি আৰু উদৰক সাহায্য নকৰোঁ।”

 এই মন্ত্ৰণা কৰি সিহঁতে পৰিশ্ৰম ত্যাগ কৰিলে। ভৰিয়ে খোৱা বস্তুৰ ওচৰলৈ নাযায়, হাতেও মুখত আহাৰ তুলি নি দিয়ে। দাঁতেও খোৱা বস্তু নোচোবায়। উদৰক শাস্তি কৰিবৰ চেষ্টা কৰি দুদিন মান এইৰূপ কৰোঁতে অঙ্গবোৰ শুকাই আহিল। শৰীৰৰ অবয়ব সকল অত্যন্ত দুৰ্ব্বল হৈ গল কোনো অবয়বো লৰিব নোৱাৰা হল।

 তেতিয়া সিহঁতে বুজিব পাৰিলে, “উদৰে পৰিশ্ৰম নকৰে হয়, কিন্তু উদৰ প্ৰধান অবয়ব্ উদৰৰ ভৰণ পোষণৰ নিমিত্তে পৰিশ্ৰম নকৰিলে সকলো এই দুৰ্ব্বল আৰু নিস্তেজ হব লাগিব। আমি পৰিশ্ৰম কৰি উদৰৰ সহায় কৰোঁ এনে নহয়। উদৰৰ পক্ষে আন আন অবয়বৰো সহায়তা কৰা আবশ্যক আন আন অবয়বৰো পক্ষে সেইৰূপ উদৰৰ সহায়তা কৰা আবশ্যক। যদি শৰীৰ ভালে ৰাখিব লাগে তেনেহলে যাৰ যি কাম কৰিব লাগিব।”